fbpx
অসমঅসমীয়া

এনকাউণ্টাৰত গুলীবিদ্ধ ‘বগা’ কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ লিপ্ত অপৰাধত, পুনৰ গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ হোৱা আনোৱাৰ হুছেইন ওৰফে বগা কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে পুনৰ ভৰি দিছে অপৰাধৰ জগতত।

জামিনত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে এইবাৰ গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত হৈ পৰা আনোৱাৰ হুছেইন ওৰফে বগাক এইবাৰ গ্ৰেপ্তাৰ কৰা হয় পলাশবাৰীত।

G2 12

পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনমোহন দাসৰ নেতৃত্বত চলোৱা এক অভিযান কালত পলাশবাৰী-হুদুমপুৰ অঞ্চলৰ পৰা দুখন চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত গাড়ী চোৰজনক।

অৱশ্যে আৰক্ষীৰ এই অভিযানৰ সময়ত আনোৱাৰ হুছেইনৰ আন দুজন সহযোগী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৯ এপ্ৰিলৰ নিশা ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ পলাশবাৰী-হুদুমপুৰ অঞ্চলত দুখন পালছাৰ বাইকেৰে তিনিজন সন্দেহজনক লোকে গৈ থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে লোক তিনিজনক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও বাকী দুজন লোকে বাইক এৰি পলায়ন কৰিবলৈ সক্ষম হয়।

কিন্তু আৰক্ষীয়ে কুখ্যাত গাড়ী চোৰ বগাক গ্ৰেপ্তাৰ কৰাৰ লগতে বাইকদুখন জব্দ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত ধৃত আনোৱাৰ হুছেইন ওৰফে বগাই নম্বৰপ্লেটবিহীন পালছাৰ বাইক দুখন নলবাৰী আৰু গুৱাহাটীৰ পৰা চুৰি কৰা বুলি স্বীকাৰ কৰে।

উল্লেখ্য যে, ড্ৰাগছৰ গোপন সৰবৰাহ আৰু সেৱনৰ অপৰাধত কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনোৱাৰ হুছেইন ওৰফে বগাক। যােৱা বছৰৰ আগষ্ট মাহত অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি এনকাউণ্টাৰত গুলীবদ্ধি হয়।

পিছত বগাক জে’ললৈ প্ৰেৰণ কৰা হয় যদিও জামিন লাভ কৰি পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহে।

আনহাতে সোমবাৰে অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাত ১৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি কামৰূপ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। য’ত আদালতে কুখ্যাত গাড়ীচোৰ জনক পুনৰ জে’ললৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

দোকানৰ সন্মুখত ৰৈ কথা পাতি থাকোতেই ঘটিল এই অঘটন, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

G3 12

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!