fbpx
অসম

এদেও দুদেও, লোটা নিয়াৰ চেও! হিন্দী ভাষাক অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে চৰকাৰেঃ অখিল গগৈ

‘এদেও দুদেও, লোটা নিয়াৰ চেও! এই আপ্ত বাক্যশাৰীকে বাস্তৱত কাৰ্যকৰী কৰি বিজেপি আৰু আৰএছএছৰ চৰকাৰে এটাৰ পিছত এটাকৈ অসম বিৰোধী নিতী অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে।’ – এই অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসমীয়া জাতীয় সত্বাক মষিমূৰ কৰি ৰাষ্ট্ৰ ভাষাৰ নামৰ হিন্দী বলয় নমাই অনা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দী শিক্ষা বাধ্যতামূলক কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়েও।

তেওঁ কয় যে বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পিছত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমীয়াৰ ওপৰত ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে।

তাৰ পিছত এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো বৈশিষ্ট্যক উলাই কৰি এই অঞ্চলৰ ভাষাৰ ওপৰত হিন্দী ভাষাক দাদাগিৰী কৰিবলৈ দি হিন্দী ভাষাক বাধ্যতামূলক কৰিব বিচাৰিছে।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰত্যেকজন অসমীয়াই প্ৰতিবাদ জনোৱা উচিত বুলি মন্তব্য কৰে অখিল গগৈয়ে।

Related Articles

Leave a Reply

Back to top button