এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায়

নিউজ ডেস্ক। মনত ইচ্ছা থাকিলে আৰু কৰ্মত সাধনা থাকিলে লক্ষ্য লাভ কৰাটো তেনেই সহজ।

এই কথাই পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী সাধাৰণ পাচলি ব্যৱসায়ীয়ে।

অতি দৰিদ্ৰ পৰিয়ালৰ শিৱকান্ত কুশৱাহা নামৰ পাচলি বিক্ৰী কৰা যুৱকজনে নিজৰ অধ্যাৱসায় আৰু পৰিশ্ৰমৰ বলত আজি লাভ কৰিছে চৰম সফলতা।

1
এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায় 6

মধ্যপ্ৰদেশৰ সাতনা জিলাৰ নিৱাসী শিৱকান্ত কুশৱাহাই শেহতীয়াকৈ মধ্য প্ৰদেশৰ অসামৰিক ন্যায়াধীশৰ পৰীক্ষাত সফলতা অৰ্জন কৰাই নহয়, অ’বিচি শ্ৰেণীত ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

p1 1
এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায় 7

সাতনাৰ অমৰপটনৰ এজন সাধাৰণ শ্ৰমিকৰ সন্তান শিৱকান্ত কুশৱাহাই নিজেও পাচলি দোকান দি পৰিয়াল চলাইছিল, কিন্তু তাৰ মাজতো স্থিৰ আছিল তেওঁৰ লক্ষ্য। যাৰ বাবে অশেষ পৰিশ্ৰম আৰু অধ্যাৱসয়ে অৱশেষত তেওঁক সফলতা প্ৰদান কৰে।

p2
এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায় 8

আজি আন বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে শিৱকান্ত কুশৱাহা।

জানিব পৰা মতে, শিৱকান্তৰ পিতৃ কুঞ্জিলাল কুশৱাহা এজন সাধাৰণ শ্ৰমিক।

তিনিজন ভাই-ভনীৰ ভিতৰত দ্বিতীয় শিৱকান্ত কুশৱাহাই নিজে পাচলি দোকান দি পৰিয়াল চলোৱাত পিতৃক সহায় কৰিছিল। কিন্তু তাৰ মাজতো দৰিদ্ৰতাৰ ওচৰত হাৰ মানিবলৈ সাজু নাছিল শিৱকান্ত।

যাৰ বাবে তেওঁ কামৰ সমান্তৰালভাৱে নিজেই ঘৰত অধ্যয়ন কৰি গৈছিল আৰু এনেদৰেই অসামৰিক ন্যায়াধীশৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

p4
এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায় 9

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শিৱকান্ত কুশৱাহাই চাৰি বাৰ অসামৰিক ন্যায়াধীশৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও প্ৰতিবাৰে তেওঁ বিফল হৈছিল।

কিন্তু তাৰ পিছতো হাৰ নামানি ন উদ্যমেৰে প্ৰতিবাৰে তেওঁ নিজৰ লক্ষ্যপ্ৰাপ্তিৰ দিশে আগবাঢ়ে আৰু অৱশেষত সেই লক্ষ্য তেওঁ প্ৰাপ্ত কৰিবলৈও সক্ষম হয়।

p3
এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায় 10

শিৱকান্ত কুশৱাহাই জানিবলৈ দিয়া মতে, তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা চৰ্দাৰ পেটেল স্কুল, অমৰপাটনত সম্পন্ন হোৱাৰ পিছত অমৰপটন চৰকাৰী মহাবিদ্যালয়ৰ পৰা তেওঁ দ্বাদশ উত্তীৰ্ণ হয়।

ইয়াৰ পিছত, তেওঁ ৰেৱাৰ ঠাকুৰ ৰণমত সিং মহাবিদ্যালয়ৰ পৰা এলবি কৰাৰ লগতে অসামৰিক ন্যায়াধীশৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

Leave a Comment