fbpx
অসম

এতিয়া ৰাইজক সহায় কৰাৰ সময়! ২৫ জুনলৈ বিজেপিৰ সকলো সাংগঠনিক কাম-কাজ বাতিল…

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি।

নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা নদীবান্ধ সমূহৰ পানী এৰি দিয়াৰ ফলতে ওফন্দি উঠা নৈ-উপ নৈসমূহে সৃষ্টি কৰিছে প্ৰলয়ংকৰী বানৰ।

ইয়াৰ পিছতে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ।

সংবাদমেলত বানগ্ৰস্তসকলৰ কাষত থিয় হ’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় মাৰ্ঘেৰিটাই।

ইতিমধ্যে এই সন্দৰ্ভত সাংগঠিনক ভাৱে প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা।

মাৰ্ঘেৰিটাই কয়, অহা ২৫ জুনলৈ বিজেপিৰ সকলো সাংগঠনিক কাম কাজ বাতিল কৰা হৈছে। 

এতিয়া সকলো দলে এক হৈ ৰাইজক সহায় কৰাৰ সময় বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

আনহাতে কংগ্ৰেছে আৰম্ভ কৰা পূজা অৰ্চনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়- পূজা কৰক, কিন্তু কেৱল প্ৰচাৰৰ বাবে বিজেপিক তাচ্ছিল্য কৰিবলৈ যদি কৰিছে সেয়া বেয়া কথা। এতিয়া পূজা, কবিতা লিখা, প্ৰতিবাদত ব্যস্ত থকাৰ পৰিৱৰ্তে ৰাইজৰ কাষত থিয় দিয়াৰ সময়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!