অসম

এতিয়াৰ পৰা ছুটী বা চাকৰিৰ তথ্যৰ বাবে অফিচে-অফিচে তাঁত-বাটি কৰিব নালাগে অসম আৰক্ষীয়ে…

অসম আৰক্ষীৰ বাবে এক সুখবৰ ।

এতিয়াৰে পৰা ছুটী বা চাকৰিৰ তথ্যপাতিৰ বাবে অফিচে-অফিচে তাঁত-বাটি কৰিব নালাগে অসম আৰক্ষীয়ে।

অসম আৰক্ষীয়ে মুকলি কৰিলে এটা বিশেষ পৰ্টেল।

246

পৰ্টেলৰ নাম ৰখা হৈছে P. I.M.S অৰ্থাৎ ‘পাৰ্চনেল ইনফৰমেচন মেনেজমেণ্ট চিষ্টেম’।

দেওবাৰে দেৰগাওঁ আৰক্ষী প্ৰশিক্ষন মহাবিদ্যালয়ত এই পৰ্টেল মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

পৰ্টেলটো মুকলি কৰি পৰ্যায় ক্ৰমে এই পৰ্টেলটোৰ যোগেদি সকলো আৰক্ষী জোৱান উপকৃত হ’ব বুলি মন্তব্য কৰে।

এই পৰ্টেলটোৰ জৰিয়তে অসম আৰক্ষীয়ে ছুটী বা চাকৰিৰ সকলো তথ্য লাভ কৰিব পাৰিব।

গুগল প্লে’ষ্টৰত উপলব্ধ হ’ব এই বিশেষ পৰ্টেল।

বৰ্তমান বেটেলিয়ান আৰক্ষী সকলৰ হৈ আৰম্ভ হ’ব এই পৰ্টেলটো।

উল্লেখ্য যে, ভাৰত বৰ্ষৰ ভিতৰত সৰ্বপ্ৰথম অসম আৰক্ষীতেই আৰম্ভ হৈছে এই পৰ্টেল।

লগতে চাওকঃ

চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…

G3 17

Related Articles

Leave a Reply

Back to top button