এতিয়াৰে পৰা APSCয়ে অনুষ্ঠিত কৰিব Grade A আৰু Grade Bৰ সকলো পদৰ পৰীক্ষা…

এতিয়াৰে পৰা APSCয়ে অনুষ্ঠিত কৰিব Grade A আৰু Grade Bৰ সকলো পদৰ পৰীক্ষা।

ৰাজ্যিক কেবিনেটৰ অন্তত এক সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰৰ যিমানবোৰ ৰাজপত্ৰিত্ব পদবী আছে তাৰে ৪৮টা নতুন পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব APSCক প্ৰদান কৰা হৈছে।

পূৰ্বে APSCৰ অধীনত ২৮টা পদৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হৈছিল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ Grade-A আৰু Grade Bৰ সকলোবোৰ পদৰ পৰীক্ষা APSCয়ে অনুষ্ঠিত কৰিব।

একেটা ACS পৰীক্ষাৰ পৰাই হ’ব সকলো ৰাজপত্ৰিত্ব পদৰ নিযুক্তি।

মুখ্যমন্ত্ৰীয়ে কয়,  ‘এতিয়াৰ পৰা ল’ৰা-ছোৱালীয়ে বছৰত এবাৰ পঢ়িলেই হ’ল। এবাৰতেই সকলোবোৰ পৰীক্ষা হৈ যাব।’

তদুপৰি Grade 3 আৰু Grade 4ৰ বাবেহে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব বিজ্ঞাপন।

Leave a Comment