এতিয়াৰে পৰা নেপালী সম্প্রদায়ৰ লিম্বু উপাধিধাৰীসকলক OBC ৰূপে গণ্য কৰা হ’ব, কেবিনেটৰ সিদ্ধান্ত…

শনিবাৰ অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে অনুষ্ঠিত হয় অসম চৰকাৰৰ এক কেবিনেট বৈঠক।

এই বৈঠকত অসম চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

জ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মন্ত্রী জয়ন্তমল্ল বৰুৱাই সম্বোধন কৰে সংবাদমেল।

এতিয়াৰে পৰা নেপালী সম্প্রদায়ৰ লিম্বু উপাধিধাৰীসকলক অ’বিচি ৰূপে গণ্য কৰা হ’ব বুলি কেবিনেটত অনুমোদন জনোৱা হয়। আনহাতে ভুজেলসকল উপ-জাতি হিচাপে থাকিব।

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাৰ লগতে কেন্দ্ৰীয় তালিকাত ‘লিহু’ৰ নাম সলনি কৰি ‘লিম্বু’ হিচাপে নামকৰণ

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত যদিও লিহু সম্প্রদায়ক নেপালী সম্প্ৰদায়ৰ এটা উপ-জাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, তথাপি নেপালী সম্প্ৰদায়ৰ অধীনত কোনো ‘লিহু’ উপ-জাতি নাই।

অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত নেপালী জনগোষ্ঠীৰ উপ-জাতি হিচাপে স্বীকৃতি দিয়া হ’ব ভূজেলসকলক।

ইয়াৰ দ্বাৰা নেপালী জনগোষ্ঠীৰ ৰায়, লিম্বু, মগৰ, থাপা আৰু গুৰুং উপ-জাতিৰ দৰে একে মর্যাদা থকা ভূজেল উপ-জাতিৰ আৰ্থ-সামাজিক বিকাশ সুনিশ্চিত হ’ব।

আনহাতে মৰাণ-মটক পূৰ্বতে একে নম্বৰতে আছিল অ’বিচিৰ তালিকাত।এতিয়াৰে পৰা বেলেগ বেলেগ পৰিচয় হ’ব।

মৰাণ সকল এতিয়াৰে পৰা ক্রমিক নম্বৰ ১৪, মটক সকল ক্রমিক নম্বৰ ৩৩ত থাকিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

অসমৰ কাঠৰ উদ্যোগৰ বাবে নতুন নিয়মত অনুমোদন জনাইছে কেবিনেটে। ইয়াৰ দ্বাৰা অগৰ আৰু প্লাই উদ্যোগবোৰৰ উন্নত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই।

কাঠভিত্তিক উদ্যোগক প্রাথমিক, আনুসংগিক আৰু সংমিশ্রিত উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ’ব।

প্ৰাথমিক আৰু সংমিশ্রিত উদ্যোগসমূহ অনুজ্ঞাপত্ৰৰ সৈতে ঔদ্যোগিক পামৰ ভিতৰত স্থাপন হ’ব লাগিব।

আনুসংগিক উদ্যোগৰ ক্ষেত্ৰত পঞ্জীয়ন প্রয়োজন। ঔদ্যোগিক পামৰ ভিতৰত স্থাপনৰ প্ৰয়োজন নাই।

আগৰ তেল নিষ্কাশন ইউনিটৰ বাবে চাৰ্কল পৰ্যায়ত পঞ্জীয়নৰ ব্যৱস্থা।

কেঁচামালৰ নিশ্চিত যোগানৰ লগতে কৃষকসকলৰ বাবে নিশ্চিত আয় বৃদ্ধিৰ যৌথ লক্ষ্যত উপনীত হ’বলৈ কাঠভিত্তিক উদ্যোগৰ দ্বাৰা ‘কেপটিভ প্লেনটেচন’ গঢ়ি তোলাৰ ধাৰণা।

অনুজ্ঞাপত্ৰ হস্তান্তৰ বিক্ৰী পঞ্জীয়ন উত্তৰাধিকাৰ আদিৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হ’ব ৰাজ্যিক পৰ্যায়ৰ সমিতি/পঞ্জীয়ন সমিতিৰ যিকোনো আদেশৰ বিৰুদ্ধে আপীল অসম চৰকাৰৰ অধীনত থাকিব।