এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট…

মহানগৰীত যান বাহন চালনাৰ নতুন অধিনিয়ম।

এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাত দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে উভয়ে পিন্ধিব লাগিব হেলমেট।

চালক-আৰোহী দুয়ো হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।

কামৰূপ মহানগৰ পৰিবহণ বিভাগে দুচকীয়া বাহনৰ ক্ষেত্ৰত চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূল কৰিছে।

গুৱাহাটী মহানগৰীত দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যেই মহানগৰ জিলা পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে।

আনহাতে চাৰিচকীয়া বাহনৰ সন্মুখৰ ছিটৰ আৰোহীৰ লাগিব ছিটবেল্ট।

১ ডিচেম্বৰৰ পৰা গুৱাহাটীত প্ৰযোজ্য হ’ব এই নিয়ম।

এই সন্দৰ্ভত প্রশাসনে এমাহজুৰি চলাব সজাগতা অভিযান।

Leave a Comment