এতিয়াৰে পৰা গুৰু গোবিন্দ সিঙৰ জন্ম জয়ন্তী ২৬ ডিচেম্বৰত পালন কৰা হ’ব ’ৰাষ্ট্ৰীয় বাল্য দিৱস’! প্ৰধানমন্ত্ৰীৰ ঘোষণা

ঘোষণা হৈছে পোনাজব বিধানসভা নিৰ্বাচনৰ সময়সূচী। তাৰ পূৰ্বেই শিখ সকলক প্ৰভাৱিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দশম শিখ গুৰু গোবিন্দ সিঙৰ জন্ম জয়ন্তী উপলক্ষে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৰা ঘোষণা অনুসৰি “বীৰ বাল্য দিৱস” এতিয়া প্ৰতি বছৰে ২৬ ডিচেম্বৰত উদযাপন কৰা হ’ব।

এই কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু গোবিন্দ সিংজীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ দিন উপলক্ষে মই গৌৰৱান্বিত হৈ জনাইছো যে এই বছৰৰ পৰা ২৬ ডিচেম্বৰ ‘বীৰ বাল্য দিৱস’ হিচাপে উদযাপন কৰা হ’ব।

গুৰু গোবিন্দ সিঙে ধৰ্মৰ সুৰক্ষাৰ বাবে তেওঁৰ পৰিয়ালক বলি দান কৰিছিল। তেওঁৰ চাৰিজন পুত্ৰ কেৱল ধৰ্মৰ সুৰক্ষাৰ বাবে শ্বহীদ হৈছিল। উল্লেখ্য যে গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ ৯ আৰু ৬ বছৰ বয়সত ১৭০৪ চনৰ ২৬ ডিচেম্বৰত শ্বহীদ হৈছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, ‘চাহিবজাদা জোৰাৱাৰ সিং জী আৰু চাহিবজাদা ফতেহ সিং জী শ্বহীদ হোৱাৰ দিনাই বীৰ বাল্য দিৱস অনুষ্ঠিত হ’ব। এই দুজন মহান ব্যক্তিয়ে ধৰ্ম্মৰ মহান নীতিৰ পৰা বিচ্যুত হোৱাৰ সলনি মৃত্যুক প্ৰাধান্য দিছিল।’

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে লিখিছে, “মাতা গুজৰি, শ্ৰী গুৰু গোবিন্দ সিং জী আৰু ৪ জন চাহিবজাদৰ বীৰত্ব আৰু আদৰ্শই লাখ লাখ লোকক শক্তি প্ৰদান কৰে। তেওঁলোকে কেতিয়াও অন্যায়ৰ সন্মুখত নত মস্তক হোৱা নাছিল। তেওঁ এনে এখন পৃথিৱীৰ কল্পনা কৰিছিল যিটো অন্তৰ্ভুক্ত আৰু সুসংগত আছিল। এনে মহান ব্যক্তিৰ বিষয়ে এতিয়া অধিক লোকে জনা উচিত।”

উল্লেখ্য যে, গুৰু গোবিন্দজীয়ে ধৰ্মৰ সুৰক্ষাৰ বাবে মোগলৰ সৈতে যুঁজি থকাৰ সময়ত তেওঁৰ আটাইকেইজন পুত্ৰ শ্বহীদ হৈছিল। বাবা অজিত সিং আৰু বাবা জুঝাৰ সিঙে ৪০ জন সাহসী শিখ যোদ্ধাৰ সৈতে মোগলৰ বিৰুদ্ধে চামকৌৰৰ যুদ্ধ প্ৰস্তুত কৰিছিল। ১৭০৪ চনৰ ২১ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ পঞ্জাৱৰ চামকৌৰত এই যুদ্ধ সংঘটিত হৈছিল। গুৰু গোবিন্দ সিংজী সুৰক্ষিত আছিল, কিন্তু বাবা অজিত সিং আৰু বাবা জুঝাৰ সিং এই যুদ্ধত শ্বহীদ হৈছিল।

১৭০৪ চনৰ ২৬ ডিচেম্বৰত চিৰহিন্দৰ নৱাবে গুৰু গোবিন্দ সিংজীৰ দুই পুত্ৰ জোৰাৱাৰ সিং আৰু ফতেহ সিঙক ইছলাম ধৰ্ম গ্ৰহণ নকৰাৰ বাবে হত্যা কৰে। মাতৃ গুজৰীও সেই যুদ্ধত শ্বহীদ হৈছিল।

Leave a Comment