এতিয়াৰে পৰা কেব চালকে যাত্ৰীৰ পৰা দাবী কৰিব নোৱাৰিব অধিক ধন, অন্যথা বাতিল হ’ব অনুজ্ঞাপত্ৰঃ কঠোৰ সকিয়নী পৰিবহন বিভাগৰ

নিউজ ডেস্কঃ মহানগৰীত এগৰাকী উবেৰ চালকে এগৰাকী ৰাষ্ট্ৰীয় মহিলা সাংবাদিক আৰু তেওঁৰ সহযোগীক দুৰ্ব্যৱহাৰ কৰাৰ পিছতে ওলা, উবেৰ, ৰেপিডো আদি ৰাইড-হেলিং প্লেটফৰ্মক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে মহানগৰ পৰিবহন বিভাগে।

সংবাদ মাধ্যমক সম্বোধন কৰি পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে কয় যে সকলো চালক ধনমুখী নহয় আৰু কিছুমান চালকে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ে।

হিমংশু কুমাৰ দাসে কয়, “কিছু সংখ্যক কেব চালকে অধিক ধন বিচাৰি, ভ্ৰমণ বাতিল কৰি বা পেমেণ্ট পদ্ধতি অস্বীকাৰ কৰি গ্ৰাহকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বাবে সমগ্ৰ কেব সেৱাক দোষাৰোপ কৰা হৈছে। গ্ৰাহকৰ প্ৰতি কোনো ধৰণৰ অনুপযুক্ত মনোভাৱ এতিয়াৰে পৰা সহ্য কৰা নহ’ব। গ্ৰাহকৰ পৰা কেব চালকসকলে অতিৰিক্ত ধন দাবী কৰিব নোৱাৰিব।”

দাসে লগতে কয়, “কেব এছ’চিয়েচনৰ কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এনে কাণ্ডৰ সৃষ্টি হয় য’ত গ্ৰাহকে বিপদৰ সন্মুখীন হয়। এতিয়াৰ পৰা কেব চালকসকলে কঠোৰ নিয়ম মানি চলিব লাগিব। কোনো কেব চালকৰ দ্বাৰা নিয়ম অমান্য কৰিলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।”

পৰিবহন বিষয়াগৰাকীয়ে এই সন্দৰ্ভত পুনৰ কয়, “অনুজ্ঞাপত্ৰ বাতিল পৰ্যায়ক্ৰমে হ’ব। প্ৰথম পৰ্যায়ত প্ৰথম পাঁচ দিনত চালকজনে ট্ৰিপ ল’ব নোৱাৰিব। দ্বিতীয় পৰ্যায়ত অহা ১০ দিনলৈ তেওঁক বাহন চলাবলৈ দিয়া নহ’ব আৰু তৃতীয় পৰ্যায়ত তেওঁৰ অনুজ্ঞাপত্ৰ সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব।’

দাসে সাধাৰণ ৰাইজক চালকৰ লগত বেয়া আচৰণ নকৰিবলৈও আহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে, কেব চালকৰ আচৰণ দেখি মানুহ আতংকিত হৈ পৰিছে। কেব চালকসকলে নগদ ধন নিদিলে ৰাইড অস্বীকাৰ কৰা বা অধিক ধন দিবলৈ কোৱা সন্দৰ্ভত গ্ৰাহকৰ পৰা ব্যাপক অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ২৯ মে’ত গুৱাহাটীত নিকিতা জৈন নামৰ দিল্লীস্থিত এগৰাকী সাংবাদিকক উবেৰৰ চালকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ঘটনা সন্দৰ্ভত সাংবদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল কেব চালকজনক।

Leave a Comment