এতিয়াৰে পৰা আমদানি কৰা চাহৰ সৈতে মিশ্ৰণ ঘটাব নোৱাৰিব অসমৰ চাহক…

এতিয়াৰে পৰা আমদানি কৰা চাহৰ সৈতে মিশ্ৰণ ঘটাব নোৱাৰিব অসমৰ চাহক।

দেশৰ সকলো চাহ আমদানি আৰু সংমিশ্ৰণকাৰী প্ৰতিষ্ঠানক লৈ ভাৰতীয় চাহ বৰ্ডে বৃহস্পতিবাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। 

কলকাতাস্থিত ভাৰতীয় চাহ বোৰ্ডৰ উপাধ্যক্ষ ড০ কে এন ৰাঘৱনৰ স্বাক্ষৰ সম্বলিত এখন জাননী প্ৰকাশ কৰা হৈছে।

জাননীখনত প্ৰকাশ কৰা অনুসৰি, এতিয়াৰে পৰা কোনো পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানে বাহিৰৰ পৰা আমদানি কৰা চাহৰ সৈতে মিশ্ৰণ ঘটাব নোৱাৰিব অসমৰ চাহক। 

একেদৰে দাৰ্জিলিং, কাংৰা আৰু নীলগিৰিৰ চাহৰ ক্ষেত্ৰটো এই নিৰ্দেশনা প্ৰযোজ্য হ’ব।

চাহ বৰ্ডৰ এই নিৰ্দেশনা অমান্য কৰিলে ১৯৫৩চনৰ আইনৰ অধীনত চাহ ক্ৰয়-বিক্ৰয়ৰ লগত জড়িত প্ৰতিষ্ঠানসমূহ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

লগতে দাৰ্জিলিং চাহ উপাদনকাৰীসকলক জিআই টেগ নথকা অঞ্চলৰ পৰা চাহপাত ক্ৰয় নকৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে।

Leave a Comment