ASSAM

এতিয়াও মুকলি আকাশৰ তলত মাতৃ-কন্যাৰ নিষ্ঠুৰ ঘাতক, আন্দোলনত নামিব ৰাভা সংগ্ৰামী সংগঠন

নিউজ ডেস্ক। কােকৰাঝৰত ৰাভা সম্প্ৰদায়ৰ দুই ভগ্নীৰ নৃশংস হত্যাকাণ্ডৰ ক্ষিপ্ৰ তদন্তৰ বাবে আৰক্ষীৰ জালত পৰিছে ঘটনাৰ সৈতে জড়িত কেবাজনাে অপৰাধী। কিন্তু এতিয়াও ন্যায়ৰ অপেক্ষাত ঢেকীয়াজুলিৰ চপাই বালিগাঁৱৰ সংঘটিত মাতৃ-কন্যাৰ নৃশংস হত্যাকাণ্ডৰ ভুক্তভােগী পৰিয়াল।

উল্লেখ্য যে যােৱা ২੦ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিৰ চপাই বালিগাঁৱত অচিনাক্ত দুৰ্বৃত্তই মাতৃক হত্যা কৰাৰ পিছতে ১১ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে বলৎকাৰ কৰি হত্যা কৰিছিল।

এই নিদাৰুণ ঘটনাৰ চাৰিমাহ উকলি যোৱাৰ পিছতো আৰক্ষী আৰু প্ৰশাসনে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হােৱা নাই।

এই সন্দৰ্ভত ঢেকীয়াজুলি প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে ক্ষােভ উজাৰে শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই। সংগঠনটােৱে নৰপিশাচক কেইজনক অনতিপলমে কৰায়ত্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যখনৰ আৰক্ষী আৰু প্ৰশাসনক দাবী জনায়।

উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত চপাই বালিগাঁৱত যোৱা ২০ ফেব্ৰুৱাৰীত দুৰ্বৃত্তৰ এটা দলে চোকা অস্ত্ৰৰে হানি-খুঁচি ৫৫ বছৰীয়া মহিলা জিলি ৰাভাক হত্যা কৰাৰ লগতে মহিলাগৰাকীৰ ১১ বছৰীয়া কিশোৰী সন্তান কৰবী ৰাভাক অপহৰণ কৰি হত্যা কৰাৰ উপৰি জিলি ৰাভাৰ ৩ বছৰীয়া কন্যা সন্তান সেৱা ৰাভাক (পদুমী) চোকা অস্ত্ৰৰে মুখমণ্ডলত হানি-খুঁচি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰি পলায়ন কৰিছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছিল যদিও বৰ্তমান চাৰিমাহ উকলি যোৱাৰ পিছতো দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাত শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক ঢেকীয়াজুলিত বলৎকাৰ আৰু হত্যাকাণ্ডৰ বলি হোৱা ঘটনাৰ বুজ ল’বলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতা অৱলম্বন কৰিলে দোষীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অৰুপ ৰাভাই।

শোণিতপুৰ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী তুলিকা ৰাভাই ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে সমবেদনা জনোৱাৰ বাদে দোষীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

হত্যাকাৰী আৰু বলৎকাৰীক অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তি দিব নোৱাৰিলে ৰাভা জাতীয় পৰিষদসমূহে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ দায়ী হ’ব বুলি সংবাদমেলত সকীয়াই দিয়ে।

অনাগত ১৫ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ক’ভিড প্ৰট’কল অমান্য কৰি জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button