নিউজ ডেস্কঃ এতিয়াৰে পৰা অনুমতি অবিহনে কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠ, নাম অথবা ছবি।
বলিউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ বাবে দাখিল কৰা আবেদনত অনুমোদন জনাই শুকুৰবাৰে এই অন্তৱৰ্তীকালীন আদেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে।
শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে টেলিকম মন্ত্ৰালয়কে ধৰি সংশ্লিষ্ট বিভাগসমূহক অমিতাভ বচ্চনৰ অনুমতি অবিহনে ব্যৱহাৰ কৰা তেওঁৰ ছবি, কণ্ঠ বা নাম আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ নবীন চাওলাৰ বিচাৰপীঠে কয় যে, অমিতাভ বচ্চন দেশৰ অন্যতম বিখ্যাত ব্যক্তি আৰু বিভিন্ন বিজ্ঞাপনত তেওঁৰ নাম আৰু ছবিৰ ব্যৱহাৰ অব্যাহত আছে।
বহু সময়ত তেওঁৰ কণ্ঠ, চেহেৰা মানুহে তেওঁৰ অনুমতি অবিহনে নিজৰ সামগ্ৰী আৰু ব্যৱসায়ৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰে, যাৰ বাবে অভিনেতাগৰাকী বিচলিত হৈছে। এনে পৰিস্থিতিত তেওঁ নিজৰ সমস্যাটো আদালতৰ সন্মুখত ৰাখিছিল।

আদালতে কয় যে যিহেতু অমিতাভ বচ্চনে তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, ছবি আৰু কণ্ঠ ব্যৱহাৰ কৰাত আপত্তি প্ৰকাশ কৰিছে, সেয়েহে আদালতেও তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰিছে।
কাৰণ, এনে পৰিস্থিতিত তেওঁৰ আৰু তেওঁৰ প্ৰতিচ্ছবিৰ ক্ষতি হ’ব পাৰে। যদি অভিনেতাগৰাকীৰ নাম, চেহেৰা বা কণ্ঠ তেওঁৰ অনুমতি অবিহনে ব্যৱহাৰ কৰা হয়, তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।