
নিউজ ডেস্কঃ এতিয়াও বহু ঠাইত মহিলা কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। -এই মন্তব্য বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ।
মহিলাৰ অধিকাৰ আৰু বৰ্ধিত জনসংখ্যা সন্দৰ্ভত মন্তব্য কৰি আঙুৰলতা ডেকাই কয় যে বৰ্ধ্বিত জনসংখ্যা নিয়্ন্ত্ৰণৰ ক্ষেত্ৰত মহিলাসকলে আগভাগ লৈ সজাগতা সৃষ্টি কৰা উচিত।
আঙুৰলতাই কয়, ‘আজি বহুতেই সমাজৰ কথা চিন্তা কৰি, ৰাষ্ট্ৰৰ কথা চিন্তা কৰি ‘হম দো, হামাৰে দো’ নীতিত আগবাঢ়িছে। কিন্তু এনে বহু ঠাই আছে, য’ত এতিয়াও মহিলাসকল সন্তান জন্ম দিয়া যন্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। সেই মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰাটো এক ডাঙৰ কথা।’
ইফালে যুৱতী-কিশোৰীসকলে প্ৰেমৰ নামত প্ৰতাৰণাৰ সন্মুখীন হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন বিধায়িকাগৰাকীয়ে কয় যে কিশোৰী বা যুৱতীসকলে কাক ভাল পায় আছে, তেওঁৰ পৰিচয় কি, তেওঁ ক’ত বাস কৰে, তেওঁৰ ধৰ্ম কি আদি কথাবোৰ নজনাকৈয়ে প্ৰেমত হাবুডুবু খোৱাৰ বাবেই পিছত প্ৰতাৰিত হ’বলগীয়া হয়।
কিশোৰী সকলে যাতে প্ৰেমৰ নামত এনেধৰণৰ ভুল কৰি আত্মহত্যাৰ দৰে পথ বাচি ল’বলগীয়া নহয়, তাৰ বাবে সজাগতা সৃষ্টি কৰা উচিত বুলি মন্তব্য কৰে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই।