এটিএম সালসলনি কৰি মহিলাৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটি নিলে ডেৰ লক্ষাধিক!

নিউজ ডেস্ক। এটিএমত টকা উলিয়াবলৈ গৈ সৰ্বাস্বান্ত হ’ল এগৰাকী মহিলা।

মহিলাগৰাকীৰ এটিএম সালসলনি কৰি নিজৰ কষ্টােপাৰ্জিত ধন হেৰুৱালে টীয়কৰ এগৰাকী মহিলাই।

মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে প্ৰনীতা বাৰুৱতী নামৰ এগৰাকী মহিলাৰ এটিএমৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ’ল প্ৰায় ডেৰ লাখ টকা।

এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

P9

জানিব পৰা মতে, প্ৰনীতা বাৰুৱতী নামৰ মহিলাগৰাকীয়ে টীয়কৰ জগদুৱাৰৰ এছবিআই এটিএমৰ পৰা টকা উলিয়াবলৈ যাওতেই চকুৰ পচাৰতে তেওঁৰ এটিএমখন সলনি কৰি পেলায় ওচৰতে থিয় হৈ থকা দুজন হিন্দী ভাষী লোকে।

পৰৱৰ্তী সময়ত প্ৰনীতা বাৰুৱতীৰ মোবাইলত ১ লাখ ৪৫ হাজাৰ টকা কৰ্তনৰ মেজেছ অহাৰ পিছতে পোহৰলৈ এই কাণ্ড।

লগে লগে মহিলাগৰাকীয়ে পৰিয়ালক লোকক এই সন্দৰ্ভত অৱগত কৰাত পৰিয়ালৰ সহযোগত টীয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

বেংকৰ ষ্টেটমেণ্ট অনুসৰি, মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে অনলাইন শ্বপিঙৰ জৰিয়তে ৭৫ হাজাৰ, শ্বিলঙৰ আশীষ ভট্টাচাৰ্য নামৰ এজন ব্যক্তিৰ এছবিআই একাউণ্টত ৪০ হাজাৰ টকা ট্ৰান্সফাৰ আৰু গৌৰীসাগৰৰ এটিএমৰ পৰা ৩১ হাজাৰ টকা নগদ উলিয়াই মুঠ ১,৪৫০০০ টকা হৰলুকি কৰে দুষ্ট চক্ৰটোৱে।

ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষীয়ে ইতিমধ্যে সকলো নথি-পত্ৰ লৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৱে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

প্ৰবীণ অভিনেতা ৰমেশ দেওৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

G9

Leave a Comment