এটা মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰালে এজন যুৱকে! ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰও

এটা মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰালে এজন যুৱকে! ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰও

January 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আজব বিবাহৰ ঘটনাই সম্প্ৰতি দেশৰ সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াতাে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।

এজন যুৱকৰ দুজনী প্ৰেয়সী, দুয়ােগৰাকীৰ লগত একেলগে বিয়াত বহিল যুৱকজন। এটাই ছপা হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰও।

ঘটনাৰ স্থান হ’ল ছত্তীশগড়ৰ মাওবাদী অধ্যুষিত বস্তৰ এলেকা।

জানিব পৰা মতে, চান্দু মৌৰ্য নামৰ এজন যুৱকৰ আছিল দুজনী প্ৰয়সী। কিন্তু প্ৰয়সীৰ দুজনী থাকিলেও বিয়া সম্পন্ন হ’ব এজনীৰ লগতহে।

কিন্তু ঘৰত বিয়াৰ কথা ওলোৱাত চান্দুৱে এই বিষয়ে দুয়োগৰাকীকে কথাটো জনালে। আনকি দুই প্ৰেমিকা তথা পৰিয়ালৰ লােকৰ পাৰস্পৰিক বুজাবুজিৰ মাজেৰে বিয়াৰ সিদ্ধান্ত লয় তিনি পৰিয়ালে।

116392749-chandumaurya

সেই মতে যােৱা ৫ জানুৱাৰীত এটা মণ্ডপতে দুই প্ৰেমিকাৰ সৈতে সম্পন্ন হয় চান্দুৰ বিয়া।

bastar-unique-marriage-1610010085

চান্দু আৰু দুই পত্নী সুন্দৰী কাশ্যপ আৰু হাছিনা বাঘেলৰ বিয়াত নিমন্ত্ৰিত অতিথি আছিল পাঁচ শতাধিক।

উল্লেখ্য যে চান্দু এজন কৃষক। চান্দুৱে কয়, হাছিনাক প্ৰথম প্ৰেমিকাৰ কথা কোৱাৰ পিছতো হাছিনাই তেওঁৰ সৈতে থাকিব বিচাৰিছিল।

download

ইয়াৰ পিছত দুয়োৰে সৈতে আলোচনা কৰাৰ পিছত দুয়ো একে ঘৰতে থাকিবলৈ আৰম্ভ কৰে।

এবছৰ একেলগে থকাৰ পিছত এটা মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰায় চান্দুৱে।

উল্লেখ্য যে আইনৰ দৃষ্টিত এই বিয়া অবৈধ নহয়, কিয়নাে হিন্দু বিবাহ আইন অনুসূচীত জনজাতিৰ ক্ষেত্ৰত প্ৰযােজ্য নহয়। লগতে বিয়াত বহা দৰা তথা দুই কইনাৰ বয়সাে বিবাহযােগ্য।

আনহােত, এই জনজাতীয় সমাজত বহু বিবাহৰ প্ৰথা সমাজ বিৰােধী বুলি বিবেচিত নহয়।

লগতে চাওকঃ

ভাগ্য! বিয়া খাবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱকে!

বৰফৰ মাজেৰে কান্ধত তুলি গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিলে ভাৰতীয় সেনা জোৱান

গোহালিৰ পৰা আদালতৰ ন্যায়াধীশৰ পদলৈ এগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনী…