অহা ১০ বছৰৰ ভিতৰত অসমৰ চৰকাৰী স্কুলত নাথাকিব এজনো শিক্ষাৰ্থীঃ মুখ্যমন্ত্ৰী

এটা ভয়ংকৰ ভৱিষ্যত বাণী।
‘অহা ১০ বছৰৰ ভিতৰত অসমৰ চৰকাৰী বিদ্যালয়ত নাথাকিব কোনো ছাত্ৰ-ছাত্ৰী।’
স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সতৰ্ক বাণী।
‘স্বেচ্ছামূলক অৱসৰ লব লাগিব চৰকাৰী শিক্ষকে।’
কাৰ্বি আংলঙৰ ডিফুত ৮৮৪ গৰাকী শিক্ষকক নিযুক্তি দি এই ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
Glad to distribute appointment letters to 884 TET qualified including 559 contractual teachers under Sarba Siksha Mission in a programme held at Joysing Doley Memorial Auditorium, Karbi Anglong.
— Himanta Biswa Sarma (@himantabiswa) April 15, 2022
I urged the people of Karbi Anglong to keep a vigil on performance of the teachers. pic.twitter.com/FhsmSIKqFv
কাৰণ যিটো হাৰত অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে সি এনে এক ভৱিষ্যতৰে ইংগিত বহন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
তেওঁ কয়- ২০১২ চনত অসমৰ ৮২ৰ পৰা ৮৪
শতাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়লৈ গৈছিল। কিন্তু বৰ্তমান ৬৮ শতাংশৰ তললৈ নামি গৈছে। এনেদৰে যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাই গৈ থাকে তেন্তে অহা ১০ বছৰৰ পিছত অসমৰ সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকক বাধ্যতামূলক অৱসৰ দিব লাগিব। কাৰণ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়েই নাথাকিব।
তেওঁ লগতে কয়- লগতে কয় যে,’এতিয়া বিদ্যালয় একত্ৰিকৰণ কৰা হৈছে। কিন্তু একত্ৰিকৰণৰ পিছতো যেতিয়া স্কুলত ছাত্ৰ-ছাত্ৰী নাথাকিব তেতিয়া আমাৰ হাতত কি শেষ উপায় থাকিব। গুৱাহাটী মহানগৰীত এতিয়া এনে অৱস্থা, চৰকাৰী স্কুল প্ৰায় কেইখনেই বন্ধ কৰি দিব পৰা হ’ব। কাৰণ সেই স্কুলবোৰত সাংঘাটিক ধৰণে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈছে।
‘মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যদি ৰাজ্যত ৰাস্তা নহয়, মেডিকেল নহয়; তেন্তে ৰাইজে মোকেই জগৰীয়া কৰিব৷ এতিয়া স্কুলত ছাত্ৰ-ছাত্ৰী কমি যোৱাৰ বাবে জগৰীয়া কোন হ’ব? ৰাজ্যৰ GDPৰ ৬% শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰা হয়।’-মুখ্যমন্ত্ৰী।
A good teaching environment with efficient & dedicated teachers can play a big role in Karbi Anglong’s development journey that has picked momentum recently.
— Himanta Biswa Sarma (@himantabiswa) April 15, 2022
Teachers shall know they’re in a noble profession & I won’t mind calling those not attending school as enemies of society. pic.twitter.com/Ujp9QJyy5M
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- অসমৰ চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাৰ বাবে দায়ী শিক্ষকসকল। ইয়াৰ বাবে চৰকাৰক দায়ী কৰিলে নহ’ব। প্ৰতিজন শিক্ষকে নিজৰ দায়িত্ব পাহৰাৰ বাবে এনে অৱস্থা হৈছেগৈ। যিসকল শিক্ষকৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিছে, তেওঁলোকে নিজকে প্ৰশ্ন কৰক তেওঁলোকৰ শিক্ষকতা কৰাৰ অধিকাৰ আছেনে নে নাই?
চৰকাৰী বিদ্যলয়ৰ প্ৰতি অনীহা দেখুৱাই ব্যক্তিগত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী ঢাপলি মেলা কাৰ্যই বৃদ্ধি কৰিছে দুৰ্নীতি। কাৰণ ব্যক্তিগত বিদ্যলয়ৰ বোজা বহন কৰিবলৈ গৈ চৰকাৰী বিষয়া কৰ্মচাৰী নিমজ্জিত হৈছে দুৰ্নীতিত?