ৰাষ্ট্ৰীয়অসমীয়া

এটা বান্দৰৰ মৃত্যুত এখন গাঁৱত শোকৰ বন্যা! কৰিলে মুণ্ডন, পাতিলে দহা ভোজ

এতিয়ালৈকে, মানুহে মানুহৰ মৃত্যুৰ বাবে মৃত্যুৰ ভোজ প্ৰদান কৰে। কিন্তু মধ্য প্ৰদেশৰ ৰাজগড়ৰ পৰা মানৱতাৰ এক অনন্য ঘটনা পোহৰলৈ আহিছে। য’ত এটা বান্দৰৰ মৃত্যুৰ পিছত গোটেই গাওঁখন এনেদৰে শোকবিহ্বল হৈ পৰে যেন তেওঁলোকে নিজৰ আত্মীয়কহে হেৰুৱাইছে।

কেৱল সেয়াই নহয়, বান্দৰটোৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো ধৰ্মীয় কাৰ্যকলাপ গাঁৱৰ মানুহে মিলি সম্পন্ন কৰে।

একে সময়তে, গাঁৱত দহা ভোজৰো আয়োজন কৰা হয়, য’ত প্ৰায় ৫০ খন গাঁৱৰ হাজাৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰে। গাওঁবাসীৰ বিশ্বাস অনুসৰি ভগবান হনুমানৰ অৱতাৰ আছিল মৃত বান্দৰটো।

01

দৰাচলতে, এয়া খিলচিপুৰৰ দালুপুৰা গাঁৱৰ ঘটনা। মৃত্যুৰ ঘটনা। য’ত এটা বান্দৰৰ মৃত্যুৰ পিছত গাওঁবাসীয়ে সোমবাৰে ধৰ্মীয় কাৰ্যকলাপৰ অংশ হিচাপে দহা ভোজৰ আয়োজন কৰে।

এই দহা ভোজত ৫০ খনৰো অধিক চুবুৰীয়া গাঁৱৰ লোক উপস্থিত থাকে। বান্দৰৰ মৃত্যুত ১১,০০০ তকৈও অধিক লোকে শোক প্ৰকাশ কৰে।

গাঁওবাসীৰ মতে, সেই গাঁওখনত দীৰ্ঘ সময়ৰ পৰা বাস কৰা বান্দৰটো গাঁওবাসীৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল। যাৰ বাবে বান্দৰটোৰ মৃত্যুৰ পিছত গাঁওবাসীয়ে মানুহৰ মৃত্যুৰ পিছত কৰাৰ দৰে সকলো ধৰ্মীয় কাৰ্য্য সম্পাদন কৰে।

5

আনকি গাঁওবাসীয়ে দান-বৰঙণি তুলি দহা ভোজৰ আয়োজন কৰে আৰু তাৰ বাবে কাৰ্ড ছপা কৰি ওচৰৰ গাওঁসমূহক আমন্ত্ৰনো জনায়।

গাঁওবাসীয়ে সদৰী কৰা মতে, যোৱা ২৯ ডিচেম্বৰত বান্দৰটোৰ আকস্মিক মৃত্যু ঘটিছিল।

02

স্থানীয় লোকে হনুমানৰ অৱতাৰ বুলি বিশ্বাস কৰা বান্দৰটোৰ মৃত্যুত শোকবিহ্বল হৈ পৰে আৰু মানুহক কৰাৰ দৰেই ঢাক-ঢোল বজাই অন্তিম যাত্ৰা বাহিৰ কৰে আৰু অন্তিম সংস্কাৰ সম্পন্ন কৰে। তাৰ পিছত তিলনীৰ দিনা বান্দৰটোৰ অস্থি উজ্জয়িনীত বিসৰ্জন দিয়া হয়।

বান্দৰটোৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা গাঁওখনৰ হৰি সিং নামৰ লোকজনে ধৰ্মীয় ৰীতি-নীতি পালন কৰি মুণ্ডণ কৰে। ভোজৰ দিনা উপস্থিত সকলে হৰি সিঙক তিলক লগায় আৰু বস্ত্ৰ উপহাৰ দি শোক প্ৰকাশ কৰে।

কোৱা হয়, এবছৰ পূৰ্বে এদিন এই বান্দৰটোৱে অৰণ্যৰ পৰা ডালুপুৰা গাঁৱত প্ৰৱেশ কৰিছিল। বান্দৰক শ্ৰী হনুমানৰ অৱতাৰ বুলি বিশ্বাস গাঁও বাসীৰ বাবে অতি সোনকালেই আপোন হৈ পৰিছিল এই বান্দৰটো। গাঁওবাসীৰ মতে, প্ৰতিদিনে বান্দৰটোৱে গাঁওখনৰ প্ৰতিঘৰলৈ গৈছিল আৰু সকলোৱে তাক অতিথিৰ দৰে আপ্যায়ন কৰিছিল।

বান্দৰৰ প্ৰতি থকা এই গাঁওখনৰ মানুহৰ প্ৰেমে নজিৰ সৃষ্টি কৰিছে। গাঁওবাসীৰ অগাধ ভালপোৱাৰ প্ৰমাণ এটা বান্দৰৰ অন্তিম শোভাযাত্ৰাত ভিৰ কৰ শোকবিহ্বল গাঁওবাসীৰ সমদলে দিছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button