এটা নিশাৰ ভিতৰতে দুটা পৃথক এনকাউণ্টাৰত প্ৰাণ গ’ল দুটাকৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ

নিউজ ডেস্ক। দুটা পৃথক ধৰ্ষণকাণ্ড। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে এনকাউণ্টাৰত মৃত্যু ঘটিল দুয়োটা ধৰ্ষণকাণ্ডৰ মুখ্য অভিযুক্তৰ।

গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউণ্টাৰৰ পিছতে পোহৰলৈ আহিছে আন এক এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ মাজবাটৰ লালপানীত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে শিশু ধৰ্ষণকাৰী ৰাজেশ মুণ্ডাৰ।

FN8Lg60XEAYSKUh edited
এটা নিশাৰ ভিতৰতে দুটা পৃথক এনকাউণ্টাৰত প্ৰাণ গ’ল দুটাকৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ 4

জানিব পৰা মতে, মঙলবাৰে চাংসাৰীৰ এটা লোহা ফেক্টৰীৰ পৰা লালপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজেশ মুণ্ডা নামৰ ধৰ্ষণকাৰীজনক।

নিশা অভিযুক্তজনক ঘটনাস্থলীলৈ নি থকাৰ সময়তে আৰক্ষীৰ বাহনৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা চলায় ৰাজেশ মুণ্ডাই। যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত মৃত্যু ঘটে ধৰ্ষণকাৰী ৰাজেশ মুণ্ডাৰ।

p1 14
এটা নিশাৰ ভিতৰতে দুটা পৃথক এনকাউণ্টাৰত প্ৰাণ গ’ল দুটাকৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ 5

উল্লেখ্য যে, যোৱা ১১ মাৰ্চৰ পুৱা ধনশ্ৰী চাহ বাগিছাৰ শ্মশানত উদ্ধাৰ হৈছিল মাৰকাচ মুণ্ডাৰ ৭ বছৰীয়া কন্যা ৰীনা মুণ্ডাৰ মৃতদেহ। আগদিনা এক বিবাহ অনুষ্ঠানলৈ যোৱাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি ধৰ্ষণ-হত্যাকাৰী ৰাজেশ মুণ্ডাক বিচাৰি অভিযান আৰম্ভ কৰে যদিও সেই সময়ত পলায়ন কৰিছিল ৰাজেশ মুণ্ডাই। কিন্তু মঙলবাৰে লালপানী আৰু মাজবাট আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিশু বলাৎকাৰী তথা হত্যাকাৰী ৰাজেশ মুণ্ডাক। তাৰ পিছতে নিশা সংঘটিত হয় এনকাউণ্টাৰ।

ইফালে মঙলবাৰ নিশাই এনকাউণ্টাত প্ৰাণ হেৰুৱালে গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল খলনায়ক বিকি আলীয়ে।

দামপুৰ পাহাৰত আত্মগোপন কৰি থকা অভিযুক্তজনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত নিশা গুৱাহাটীলৈ আনি থকাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল বুলি মন্তব্য কৰে আৰক্ষীয়ে। যাৰ ফলত আৰক্ষীয়েও ৪ জাই গুলীচালনা কৰাত গুলীবিদ্ধ হৈ মৃত্যু ঘটে ধৰ্ষণকাৰীজনৰ।

বিকি আলীৰ এনকাউণ্টাৰৰ পিছতে টুুইটাৰত গীতাৰ শ্লোক লিখি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে লিখিছে, ‘ধৰ্ষণে ছোৱালী/মহিলাৰ মন আৰু শৰীৰ নিয়ন্ত্ৰণ, দাগ আৰু ধ্বংস কৰাৰ প্ৰতিক্ৰিয়াশীল মানসিকতাক প্ৰতিনিধিত্ব কৰে।

অসম আৰক্ষীয়ে এই অসৎ কাৰ্যৰ বিৰুদ্ধে যুঁজিবলৈ আইনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। এজন পিতৃ আৰু এজন আৰক্ষী হিচাপে এনে অপৰাধ নিৰ্মূল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি মই কৃতজ্ঞ।

লগতে চাওকঃ

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা আৰু দিলীপৰ প্ৰাণ

G02 2
এটা নিশাৰ ভিতৰতে দুটা পৃথক এনকাউণ্টাৰত প্ৰাণ গ’ল দুটাকৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ 6

Leave a Comment