এটা দুটা নহয়, বিমান বন্দৰত এহাল দম্পতীৰ পৰা উদ্ধাৰ ৪৫টাকৈ পিষ্টল

নিউজ ডেস্কঃ এটা দুটা নহয়, লগত ৪৫ টাকৈ পিষ্টল লৈ বিমান বন্দৰত অৱতৰণ কৰা এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিলে শুল্ক বিভাগে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হয় দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

বুধবাৰে শুল্ক বিভাগে এহাল দম্পতীৰ পৰা ৪৫টা পিষ্টল উদ্ধাৰ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰে পতি-পত্নী দুয়োকে। ধৃত দম্পতীহালক জগজিৎ সিং আৰু জচবিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বুধবাৰে ভিয়েটনামৰ পৰা দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰিছিল এই দম্পতীহালে। বিমান বন্দৰত অৱতৰণৰ পিছতে দম্পতীহালৰ ওপৰত সন্দেহ ওপজাত শুল্ক বিভাগে সামগ্ৰী তালাচী কৰোতেই জব্দ হয় ৪৫ টা পিষ্টল।

image 123
এটা দুটা নহয়, বিমান বন্দৰত এহাল দম্পতীৰ পৰা উদ্ধাৰ ৪৫টাকৈ পিষ্টল 3

জব্দ কৰা পিষ্টলসমূহ বিদেশী বুলি সন্দেহ কৰিছে শুল্ক বিভাগে। ইফালে পিষ্টল সমূহৰ আনুমানিক মূল্য ২২.৫ লাখ টকা হব বুলি জানিব পৰা গৈছে।

ধৃত জগজিৎ সিঙে পৰৱৰ্তী সময়ত স্বীকাৰ কৰা মতে, এই পিষ্টলসমূহ তেওঁক দিছিল ভাতৃ মনজিৎ সিঙে। কিন্তু মনজিৎ সিং ক’ত থাকে বা কি কাৰণে এই পিষ্টলসমূহ দিছিল সেই বিষয়ে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই জগজিতে।

image 124
এটা দুটা নহয়, বিমান বন্দৰত এহাল দম্পতীৰ পৰা উদ্ধাৰ ৪৫টাকৈ পিষ্টল 4

অধিক তথ্যৰ বাবে আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে এহাল দম্পতীৰ পৰা এনেদৰে ৪৫টা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰো সৃষ্টি কৰিছে।