অসমীয়াঅসম

এটা ডেৰলাখ টকীয়া আম! গাঁওবাসীৰ সৈতে ভগাই খালে নগাঁৱৰ এগৰাকী চিআৰপিএফ জোৱানে…

নিউজ ডেস্কঃ ভাৰতত ফলৰ ৰজা বুলি কোৱা হয় আমক। বৈংগনপল্লী, হিমসাগৰ, দুছাহাৰী, আলফনছ’, লাংডা, মালদা আজি বিভিন্ন প্ৰজাতিৰ আম উপলব্ধ ভাৰতৰ বজাৰত। বতৰৰ আমৰ সোৱাদ ল’বলৈ কোনেনো নিবিচাৰে? কিন্তু কেতিয়াবা ডেৰ লাখ টকীয়া আম আপুনি খাই পাইছেনে?

কিন্তু এটা ডেৰ লাখ টকীয়া আম ভগাই খোৱাৰ সৌভাগ্য ঘটিল নগাঁও জিলাৰ কাকী পদুমপুখুৰী গাঁৱৰ ৰাইজৰ। গাঁওখনৰ এগৰাকী চিআৰপিএফ জোৱানৰ ঘৰত লগা এটা বৃহৎ দামী আম দেওবাৰে ভগাই খালে পৰিয়ালসহ গঞা ৰাইজে।

উল্লেখ্য যে, কাকী পদুমপুখুৰী গাঁৱৰ নিৱাসী চিআৰপিএফ জোৱান শত্ৰুঘ্ন মুখীয়াৰ ঘৰত লাগিছিল এই বিশেষ আমটো। ডেৰ লাখ টকীয়া এই আমটো পৰিয়ালটোৱে অকলে নাখাই গাঁৱৰ ৰাইজকো ঘৰলৈ আমন্ত্ৰণ জনায় আৰু সকলোৰে সন্মুখত আমটো কাটি বিশেষ আমটোৰ সোৱাদ লয়।

প্ৰণিধানযোগ্য যে, শত্ৰুঘ্ন মুখীয়াৰ ঘৰৰ এজোপা গছত লগা এই বেঙুনীয়া আমটোৰ মূল হৈছে জাপানৰ মিয়াজাকি। যাৰ বাবে আমটোক মিয়াজাকি আম বুলিয়েই জনা যায়। এই আমটোৰ সৰ্বাধিক ওজন হয়গৈ ৩৫০ গ্ৰাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই আম প্ৰতিকেজি ২.৭ লাখ টকা পৰ্যন্ত দৰত বিক্ৰী হয় বাবেই বিশ্বৰ আটাইতকৈ দামী আম হিচাপে জনা যায় মিয়াজাকি আমক।

এই আমটোৰ বিশেষ আকৃতিৰ বাবে ডাইনছ’ৰৰ কণী (এগ অৱ ডাইনছ’ৰাছ’) বা্ ড্ৰেগনৰ কণী (ড্ৰেগন’ছ এগ) বুলিও জনায় যায়। যদিও এই বিশেষ আমবিধৰ মূল জাপানৰ মিয়াজাকি অঞ্চল। তথাপিও লাহে লাহে ভাৰতৰ কোনো অঞ্চলৰ লগতে থাইলেণ্ড আৰু ম্যানমাৰতো লাহে লাহে উপলব্ধ হৈছে এই আমৰ গছ।

শেহতীয়াকৈ অসমৰো নগাঁৱৰ কাকী পদুমপুৰুখীৰ চিআৰপিএফ জোৱান শত্ৰুঘ্ন মুখীয়াৰ ঘৰৰ চৌহদত ৰোপণ কৰা হৈছিল এই বিশেষ প্ৰজাতিৰ আমৰ এজোপা গছ। যাৰ ফল দেওবাৰে পৰিয়ালসহ ভগাই খায় গাঁওবাসীয়ে।

Related Articles

Back to top button