এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী

নিউজ ডেস্কঃ এটা বৈপ্লৱিক চেতনাৰ কবিতাই কাৰাগাৰৰ বন্ধ কুঠৰীলৈ ঠেলি লৈ গ’ল মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক।

কাৰাগাৰত আজি ৫৬ দিন অতিক্ৰম কৰিলে বৰ্ষাশ্ৰীয়ে।

যোৱা ১৮ মে’ত বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল বৰ্ষাশ্ৰীক। তাৰ পিছতে কৰা হয় গ্ৰেপ্তাৰ।

ডিচিবি কলেজৰ দ্বিতীয় ষন্মাসিকৰ ছাত্ৰী বৰ্ষাশ্ৰীৰ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ১৬ জুলাইৰ পৰা। কিন্তু পৰীক্ষাৰ পূৰ্বে এতিয়াও বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছে ছাত্ৰীগৰাকীয়ে।

photo1657706534
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 7

তেওঁৰ সপোন আছিল উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰতিষ্ঠিত হোৱাৰ। গণিত বিষয়ক মূল হিচাপে লৈ চলাই গৈছিল প্ৰচেষ্টা। কিন্তু মাত্ৰ এটা কবিতা… সামাজিক মাধ্যমত তেওঁৰ এটা কবিতাই ওলট পালট কৰি পেলালে সকলো।

যোৰহাটৰ টীয়ক থানাৰ অন্তৰ্গত এজাৰগুৰিৰ নিৱাসী অজিক বুঢ়াগোঁহাই আৰু ঊষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী আছিল সৰুৰে পৰাই মেধাৱী।

তেওঁ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৫ খন বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছিল।

পৰৱৰ্তী সময়ত টীয়ক গাৰ্লছ হায়াৰ চেকণ্ডাৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ দুখন বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছিল প্ৰথম বিভাগত।

photo1657706612
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 8

তাৰ পিছতে তেওঁ গণিত বিষয়ত মেজৰ লৈ ডিচিবি কলেজত নামভৰ্তি কৰে।

এই গৰাকী মেধাৱী ছাত্ৰীকেই ১৮ মে’ত উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

বৰ্ষাশ্ৰীৰ অপৰাধ কোনো গুৰুতৰ নাছিল।

ৰাজ্যজুৰি আলফা স্বাধীনত যোগদানৰ জোৱাৰ চলাৰ সময়তে সামাজিক মাধ্যমত শেন চকু ৰখা আৰক্ষীৰ আইটি চেলৰ দৃষ্টিত পৰিছিল বৰ্ষাশ্ৰী নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ এটা বৈপ্লৱিক চেতনাৰ কবিতা।

photo1657706656
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 9

এনে নহয় যে ইয়াৰ পূৰ্বে অসমীয়া সাহিত্যত বৈপ্লৱিক চেতনাৰ কবিতা কোনেও লিখা নাই। নিজৰ অধ্যয়নৰ সমান্তৰালভাৱে সাহিত্যৰ প্ৰতিও ৰাপ আছিল বৰ্ষাশ্ৰীৰ।

সেইবাবেই সময় পালে, মনত ভাৱে দোলা দিলেই কলমেৰে নিগৰাইছিল শব্দবোৰ। কেতিয়াবা সেয়া প্ৰেমৰ কবিতা হৈছিল, কেতিয়াবা আকৌ আক্ষেপৰ।

photo1657706771
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 10

বহুতেই কবিতা লিখে। কিন্তু বৰ্ষাশ্ৰীৰ কবিতাইহে তেওঁৰ জীৱনলৈ নমাই আনিলে অনিশ্চয়তাৰ কলীয়া ডাৱৰ।

১৬ মে’ৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষালৈ মাজত আৰু দুটা দিন। কিন্তু তাৰ পিছতো বৰ্ষাশ্ৰী কাৰাবন্দী! আৰক্ষী-প্ৰশাসনে ইচ্ছাকৃতভাৱেই এগৰাকী মেধাৱী ছাত্ৰীক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে বুলিয়েই ক্ষোভ উজাৰিছে বহুতেই।

জামিনত হ’লেও নিজৰ ছোৱালীজনীক মোকলাই আনি পৰীক্ষাত বহুওৱাৰ চেষ্টা চলাইছে বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে। কিন্তু তাৰ পিছতো কোনো সুফল লাভ কৰা নাই।

আৰক্ষী থানা, আদালত চৌহদলৈ তাঁতবাতি কাঢ়ি ভাগৰি কৰিছে মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ অজিত বুঢ়াগোহাঁই।

একমাত্ৰ কন্যাক মোকলাই আনিবলৈ আৰ্থিক ভাৱেও টনকিয়াল নহয় বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ। দিন হাজিৰা কৰি, নিজৰ অকণমান মাটিত খেটি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ একমাত্ৰ সপোনেই আছিল বৰ্ষাশ্ৰী। কিন্তু এতিয়া তাতো কেৰোণ লাগিছে।

সেই বাবেই পৰীক্ষাৰ পূৰ্বে বৰ্ষাশ্ৰীক মুকলি কৰি দিবলৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে পিতৃ অজিত বুঢ়াগোহাঁইয়ে।

ইপিনে, এই বিষয়ে সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই কয় যে কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হােৱা নাই।

তেওঁ স্পষ্টকৈ কয় যে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত যােগদানৰ মুকলিকৈ ইচ্ছা প্ৰকাশ কৰাৰ লগতে আনকাে ইয়াৰ বাবে উৎসাহিত কৰাৰ বাবেহে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁ লগতে কয়, ‘আইজনী আলফালৈ যাবগৈ নালাগে, জে’লতে থাক’।

লগতে চাওকঃ

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

himanta barsha
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 11

মৰ্মান্তিক! পিতৃ-মাতৃৰ সৈতে ফুৰিবলৈ গৈ বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটীৰ মেধাৱী ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

G03
এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী 12

2 thoughts on “এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী”

Comments are closed.