
নিউজ ডেস্কঃ এটা অভাৰত ৭টা চিক্সৰে ক্ৰিকেট ইতিহাসত বিশ্বাভিলেখ গঢ়িবলৈ সক্ষম হ’ল ঋতুৰাজ গাইকৱাডে।
বিজয় হাজাৰে ট্ৰফীত ক্ৰিকেটাৰগৰাকীয়ে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৰচনা কৰে এই কৃতিত্ব।
উল্লেখ্য যে, বিজয় হাজাৰে ট্ৰফীৰ উত্তৰ প্ৰদেশ বনাম মহাৰাষ্ট্ৰৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।
এই খেলখনতে মহাৰাষ্ট্ৰৰ বাওঁহতীয়া বেটছমেন ঋতুৰাজ গাইকৱাডে স্পিনাৰ শিৱ সিঙৰ অভাৰত এটা ন’ বলসহ ৭টা বলত ৭টা ছিক্স কোবাই অনন্য অভিলেখ ৰচনা কৰে।
খেলখনৰ ৪৯ নং অভাৰত গাইকৱাডে ৭টা ছয়ৰে সংগ্ৰহ কৰে ৪৩ ৰান।
আনহাতে একেটা অভাৰত ৭টা চিক্স কোবোৱা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় ঋতুৰাজ গাইকৱাড।
খেলখনত ১৫৯ টা বলত ১৬টা ছয় আৰু ১০টা চাৰিৰে অপৰাজিত ২২০ ৰান সংগ্ৰহ কৰে ক্ৰিকেটাৰগৰাকীয়ে।
এটা অভাৰত ৭টা ছয় কৰাৰ পাছত ঋতুৰাজ গাইকৱাডে যুৱৰাজ সিং, ৰবি শাস্ত্ৰী, হাৰ্চেল গিবছ, কাইৰণ পোলাৰ্ড, ছাৰ গেৰী ছ’বাৰ্ছ, ৰছ হোৱাইটলী, হজৰতুল্লা জাজাই, লিঅ’ কাৰ্টাৰ আৰু থিছাৰা পেৰেৰাৰ দৰে প্ৰবীণ বেটছমেনক পিছ পেলাই অভিলেখ ৰচনা কৰে।