এজেন্সীৰ পৰা গাড়ী ভাড়ালৈ লৈ উধাও কুখ্যাত গাড়ী চোৰৰ দল! বিশ্বনাথৰ পৰা মহিলাসহ ৫ জনক আটক…

নিউজ ডেস্কঃ গাড়ী এজেন্সিৰ পৰা গাড়ী ভাড়ালৈ লৈ উধাও হোৱা কুখ্যাত গাড়ী চোৰৰ চক্ৰৰ ৫ টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষীয়ে।

ধৃত গাড়ী চোৰ কেইটাৰ মাজত এটা এগৰাকী মহিলা আৰু এগৰাকী যুৱতী।

জানিব পৰা মতে, ২০ অক্টোবৰত মহানগৰীৰ ফেভ উইলছ নামৰ এটা গাড়ী এজেন্সীৰ পৰা ৭ জন লোকে ভাড়ালৈ লৈছিল এখন XUV300 আৰু এখন বলেৰ’ বাহন।

শোণিতপুৰলৈ যাম বুলি ভাড়ালৈ লোৱা এই গাড়ী দুখন এজেন্সিৰ পৰা লৈ যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে লোক কেইজন।

তেওঁলোকৰ মোবাইল নম্বৰো চুইটছ অফ দেখুওৱাত দুয়োখন বাহন চুৰি হোৱা বুলি নিশ্চিত হয় গাড়ী এজেন্সিটো।

তাৰ পিছতে গাড়ীত লগাই থোৱা জিপিএছ ট্ৰেছ কৰি তেওঁলোক নিশ্চিত হয় যে চুৰি গাড়ী লৈ বিশ্বনাথত বাহৰ পাতিছে চুৰি চক্ৰটোৱে।

ইয়াৰ পিছতে গাড়ী এজেন্সিটোৱে বিশ্বনাথ নগৰস্থিত এটা ল’ডজৰ সন্মুখত ৰখাই থোৱা অৱস্থাত বলেৰ’ বাহনখন উদ্ধাৰ কৰাৰ লগতে এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

photo1666682034 1
এজেন্সীৰ পৰা গাড়ী ভাড়ালৈ লৈ উধাও কুখ্যাত গাড়ী চোৰৰ দল! বিশ্বনাথৰ পৰা মহিলাসহ ৫ জনক আটক… 2

পৰৱৰ্তী সময়ত এজেন্সিয়ে বিশ্বনাথ আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই ল’ডজত বাহৰ পাতি থকা এগৰাকী মহিলা আৰু এগৰাকী যুৱতীসহ আন ৩জনক আটক কৰে।

অৱশ্যে আৰক্ষীৰ এই অভিযানৰ খবৰ লাভ কৰিয়েই পলায়ন কৰিবলৈ সক্ষম হয় আন দুটা গাড়ী চোৰে।

বিশ্বনাথৰ ল’ডজটোৰ সন্মুখৰ পৰা আৰক্ষীয়ে গাড়ী এজেন্সিটোৰ বলেৰ’ বাহনখনৰ লগতে আন এটা এজেন্সীৰ পৰা ভাড়ালৈ লোৱা এখন স্কৰপিঅ’ বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু এতিয়াও গাড়ী এজেন্সিটোৰ XUV300 বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

এজেন্সিটোৱে গাড়ীখনত লগাই থোৱা জিপিএছ ট্ৰেছ কৰি বাহনখন বৰ্তমান ইটানগৰত থকা বুলি নিশ্চিত কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।