fbpx
অসম

এজনী-দুজনীৰে মন নভৰে! পত্নী-সন্তান থকাৰ পাছতো চতুৰ্থ বাৰলৈ বিয়া পাতিবলৈ আহি ৰাইজৰ ৰোষত সঞ্জয়…

জীয়ৰী, ছোৱালী দেখিলেই বিয়া পাতিবলৈ মন মেলা এগৰাকী ধুৰন্ধৰ।

পত্নী, সন্তান থকাৰ পাছতো ৪ বাৰৰ কাৰণে বিয়া পাতিবলৈ আহি পৰিল ৰাইজৰ ৰোষত পৰিল সঞ্জয় বৰুৱা নামৰ এজন লোক।

লাহোৱালৰ এখন গাঁওত বিবাহ কৰাবলৈ গৈ অৱস্থা শোচনীয় হ’ল বৰুৱাৰ।

অভিযোগ অনুসৰি, চেন্নাইত চাকৰি কৰে বুলি ঠগ প্ৰৱঞ্চনা কৰি গাভৰু ছোৱালীক জালত পেলায় সঞ্জয় বৰুৱাই।

বৰুৱাৰ প্ৰথম পত্নীৰ আছে এজন পুত্ৰ আৰু এগৰাকী জী। এইবাৰ বৰুৱাৰ আন এগৰাকী যুৱতীৰ প্ৰেমত পৰিল।

লাহোৱালৰ এখন গাঁৱত এগৰাকী যুৱতীক প্ৰেমৰ নামত চেন্নাইলৈ বিবাহ কৰি নিয়াৰ প্ৰস্তাৱ দি টিকটো কাটে বৰুৱাই।

তেনে সময়তেই গাঁৱৰ ৰাইজে গোপনসুত্ৰৰ পম ক্ষেদি ডিগবৈ গোলাই নং ১ গাঁৱলৈ খবৰ কৰে। তেতিয়াই বৰুৱাৰ ওলাই পৰিল আচল চৰিত্ৰ। সঞ্জয় বৰুৱাৰ চাউলখোৱা ঘৰবন্দী চুক গাঁৱৰ।

ৰাইজে অভিযোগ অনুসৰি সঞ্জয় বৰুৱাই পূৰ্বে ৩ বাৰ বিয়া কৰাইছে।

আনহাতে সঞ্জয় বৰুৱাই কোৱা অনুসৰি তেওঁৰ পূৰ্বৰ এগৰাকী পত্নী আৰু দুটিকৈ সন্তান আছে।

সম্প্ৰতি আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!