এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ সাফল্যত উৎফুল্লিত লাভলীনা, ক’লে- এই স্বৰ্ণপদক মোৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ…

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভ কৰা সফলতাক লৈ উৎফুল্লিত লাভলীনা বৰগোহাঁই। ‘

জর্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হয় অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে।

উল্লেখ্য যে নতুন ওজন শাখাত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত লাভলীনাই ভাগ লৈছিল আম্মানতে।

টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনাই ইভেন্ট সলনি কৰি ভাগ লৈছিল ৭৫ কেজি শাখাত কিয়নো পেৰিছ অলিম্পিকত মহিলাৰ শাখাত নাথাকিব ৬৯ কেজি শাখা।

এই সফলতা সন্দৰ্ভত লাভলীনাই কয় যে, এই স্বর্ণপদকে তেওঁৰ হেৰুওৱা ফর্ম ঘুৰাই পোৱাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা ল’ব। এই স্বৰ্ণপদক মোৰ বাবে এক বিশেষ সাফল্য। অতিশয় গুৰুত্বপূৰ্ণ। এই সাফল্যই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে।

লাভলীনাই কয়- ‘নতুন ওজন শাখাত মোৰ এইটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল আৰু তাতেই মই স্বর্ণপদক জয় কৰিছোঁ। সেয়ে গম পাইছোঁ যে সঠিক পথতে আগবাঢ়িছোঁ মই।’

উল্লেখ্য যে, লাভলীনাই ইয়াৰ পূৰ্বে এছিয়ান বক্সিং প্রতিযোগিতাত দুবাৰ ব্ৰঞ্জৰ পদকো দখল কৰিছিল।

আম্মানত ভাৰতৰ বক্সাৰে চাৰিটা স্বৰ্ণ, দুটা ৰূপৰ আৰু ছটা ব্ৰঞ্জৰ পদক দখল কৰে। আনহাতে, প্রতিযোগিতাখনত ভাগ লোৱা অসমৰ শিৱ থাপাই (৬৩.৫ কেজি) পুৰুষৰ শাখাত ৰূপৰ পদক দখল কৰাৰ বিপৰীতে মহিলাৰ শাখাত অংকুশিতা বড়োৱে (৬৬ কেজি) ব্ৰঞ্জৰ পদক পায় ৷