এচি বাছৰ ভিতৰত উদ্ধাৰ বস্তাই বস্তাই খুচুৰা পইচা

নিউজ ডেস্কঃ শিক্ষক নিযুক্তি কেলেংকাৰী গোচৰত টিএমচিৰ নেতা পাৰ্থ চেটাৰ্জী আৰু সহায়িকা অৰ্পিতা মুৰ্খাজীক গ্ৰেপ্তাৰ কৰাৰ পিছতে কলকাতাৰ বিভিন্ন স্থান তালাচী চলাই কোটি কোটি টকা নগদ ধনৰ লগতে সোণৰ আ-অলংকৰ উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই।

তেনে সময়তে, শনিবাৰে এখন এচি বাছত চলোৱা তালাচীত কেইবা লক্ষাধিক টকাৰ মুদ্ৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বীৰভূমৰ নানু আৰক্ষী থানাৰ অভিযানকাৰী দলে।

নানুৰ আৰক্ষী থানাৰ সূত্ৰই জনোৱা অনুসৰি, মুৰ্ছিদাবাদৰ পৰা কলকাতালৈ যোৱা এখন বাছত শনিবাৰে এক গোপন খবৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে পালিতপুৰ অঞ্চলত ৬টা খুচুৰা পইচাভৰ্তি বস্তা জব্দ কৰিবলৈ সক্ষম হয়।

coin recover
এচি বাছৰ ভিতৰত উদ্ধাৰ বস্তাই বস্তাই খুচুৰা পইচা 2

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই বস্তা সমূহৰ এটাত এটকীয়া খুচুৰা পইচা থকাৰ বিপৰীতে আন কেইটাত আছিল দুটকীয়া মুদ্ৰা। আটাইকেইটা বস্তাৰ খুচুৰা পইচা মিলি ৪ লাখৰো অধিক হব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

ইফালে বাছখনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰি জেৰা চলোৱাত এইসমূহ বস্তা মুৰ্ছিদাবাদৰ ধুলিয়ানত বাছখনত উঠোৱা হৈছিল বুলি মন্তব্য কৰে। চালকে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, বস্তাসমূহ কলকাতালৈ নিয়াৰ কথা আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু এচি বাছৰ ভিতৰত এনেদৰে লাখ লাখ টকাৰ খুচুৰা পইচা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।