fbpx
অসমঅসমীয়া

এচিড আক্ৰমণকাৰীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

নিউজ ডেস্ক। একেটা পৰিয়ালৰ ৪ সদস্যৰ ওপৰত এচিড আক্ৰমণ চলোৱা অনিলক সুদীৰ্ঘ ১৫ বছৰ পিছত বিহা হ’ল শাস্তি, ৫ বছৰ সশ্ৰম কাৰাদণ্ড আদালতৰ।

সুদীৰ্ঘ ১৫ বছৰৰ পিছত শাস্তি ঘোষণা কৰা হ’ল বৰপেটা এচিড কাণ্ডৰ অভিযুক্ত অনিল চন্দ্ৰ দাসক।

বৃহস্পতিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই গোচৰৰ ৰায় প্ৰদান কৰি অভিযুক্ত অনিল চন্দ্ৰ দাসক ৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে।

G6 9

উল্লেখ্য যে, ২০০৭ চনৰ ৬ মাৰ্চত হোলীৰ আনন্দৰ মাজতে বৰপেটা জিলাৰ ঘোঁৰামাৰাহাটীৰ এটা পৰিয়ালৰ ৪ সদস্যৰ ওপৰত সংঘটিত হৈছিল এচিড আক্ৰমণৰ ঘটনা।

এই ভয়ংকৰ কাণ্ডত অধৰ দাস নামৰ লোকজনৰ এটা চকু চিৰদিনৰ বাবে নষ্ট হোৱাৰ লগতে সত্যজিৎ নামৰ আন এজন কিশোৰৰ সোঁ চকুটো চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে।

ইফালে পৰিয়ালটোৰ আনএগৰাকী সদস্যা মনালিছা দাস নামৰ যুৱতী গৰাকীৰ এচিড আক্ৰমণৰ ফলত ডিঙিৰ পৰা পেটলৈকে জ্বলি যায়। তদুপৰি মধুবালা দাস নামৰ আন এগৰাকী মহিলাৰ ডিঙি আৰু হাতৰ ক্ষতিসাধন হয়।

photo 2022 03 25 11 19 58

এই ঘটনাৰ পিছতে পৰিয়ালটোৱে অনিল চন্দ্ৰ দাস নামৰ এজন লোকৰ বিৰুদ্ধে এচিড আক্ৰমণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

গোচৰটো সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ তদন্ত শেষ হোৱাৰ পিচত বৰপেটা আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বিচাৰ প্ৰক্ৰিয়াত চৰকাৰী ফালৰ পৰা ১৫ জন সাক্ষী, আদালতৰ ফালৰ পৰা ৩ জন সাক্ষী আৰু অভিযুক্তৰ ফালৰ পৰা ৬ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পিচত আদালতত গোচৰটোৰ যুক্তি-তর্ক চলে।

তাৰ পিছতে অনিল চন্দ্ৰ দাসক দোষী সাব্যস্ত কৰি বৃহস্পতিবাৰে ৰায় প্ৰদান কৰে আদালতে। সুদীৰ্ঘ ১৫ বছৰৰ পিছত আদালতৰ এই ৰায়দানত সন্তুষ্টি ব্যক্ত কৰিছে নিৰ্যাতিত পৰিয়ালটোৱে।

ইফালে এই ৰায়দান সন্দৰ্ভত চৰকাৰী অধিবক্তা কুন্তলা পাটোৱাৰীয়ে কয় যে আদালতৰ এনে ৰায়ে সমাজত এনেধৰণৰ অপৰাধ নির্মূল কৰাত ইতিবাচক প্ৰভাৱ পেলাব।

লগতে চাওকঃ

বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষত শক্তিমন্ত্ৰী বিমল বৰা, ক’লে- ২ টকাৰ ঠাইত বঢ়োৱা হৈছে কেৱল ৫৯ পইচা

G9 5

Related Articles

Leave a Reply

Back to top button