NATIONAL

এগৰাকী প্ৰসূতিয়ে একেলগে জন্ম দিলে চাৰিটিকৈ সুস্থ সন্তান!

নিউজ ডেস্ক। এগৰাকী প্ৰসূতিয়ে যমজ সন্তান জন্ম দিয়াৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্তু এগৰাকী মহিলাৰ একেলগে দুটাতকৈ অধিক সন্তান জন্ম হোৱাৰ খবৰ খুব কমহে শুনিবলৈ পোৱা যায়।

এনেধৰণৰ ঘটনা শুনিবলৈ পোৱা যায় যদিও খুব কম সংখ্যক সন্তানহে সুস্থভাৱে জন্ম হয়। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ বাৰাবংকি নামৰ ঠাইৰ এগৰাকী ২২ বছৰীয়া মহিলাই একেলগে জন্ম দিয়ে চাৰিটিকৈ সুস্থ সন্তান।

এই কথা এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, যোৱা ১৮ জুন শুক্ৰবাৰে মহিলা গৰাকীয়ে প্ৰসৱ যন্ত্ৰণা অনুভৱ কৰাৰ লগে লগেই তেওঁক লক্ষ্ণৌৰ অজন্তা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

চিকিৎসকৰ দল এটাই অস্ত্ৰোপ্ৰচাৰ কৰাৰ পাছত এটা পুত্ৰ সন্তান আৰু তিনি কন্যা সন্তান জন্ম দিয়ে। চাৰিটি সুস্থ সন্তানৰ আগমনে পৰিয়ালটোলৈ কঢিয়াই আনিছে সুখ তথা আনন্দ।

চিকিৎসক আবৰাৰে সংবাদ‌ মাধ্যমক জনায় কয় যে, এগৰাকী কন্যা সন্তানৰ ওজন ১ কিলো ১০০ গ্ৰাম আৰু দুই পুত্ৰ সন্তানৰ লগতে আন গৰাকী কন্যা সন্তানৰ ওজন ১.১ কিলো। তেওঁলোক সুস্থ যদিও বৰ্তমান NICU ৱাৰ্ডত ৰখা হৈছে।

উল্লেখ্য যে ইয়াৰ আগতেও বৰাবংকি জিলাত এগৰাকী মহিলাই ৫ সন্তান জন্ম দি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

লগতে চাওকঃ

দুই প্ৰেমিকাৰ সৈতে এটা মণ্ডপতে বিবাহত বহিল এজন যুৱক!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button