এগৰাকী অসমীয়া নাৰীৰ কাহিনী! ‘সংগিনী’ৰ জৰিয়তে পৰিধি ভাঙি ‘জোড়ি পাৰফেক্ট’ গঢ়াৰ সপোন সুনীতাৰ

সপোনক বাস্তৱ ৰূপ দি আদৰ্শৰে নিজক আগুৱাই নিব বিচৰা এগৰাকী উৎসাহী নাৰী সুনীতা শৰ্মা।

মহানগৰীৰ উজান বজাৰত জন্ম লাভ কৰা সুনীতাৰ হাতেৰে ২০১৪ চনত জন্ম হয় মেট্ৰিমনিয়েল চাৰ্ভিচ চেন্টাৰ “সংগীনী”।

মেট্ৰিমনিয়েল সেৱা ৰাইজৰ মাজত সমাদৃত হৈ ক্ৰমান্বয়ে সফলতাৰ চিৰি বগাব ধৰিলে।

প্ৰচাৰবিমুখ সুনীতাৰ উলুবাৰীত প্ৰতিষ্ঠিত “সংগীনী মেট্ৰিমনিয়েল চাৰ্ভিচ” দ্বাৰা ২৫০ ত কৈও অধিক দম্পতীৰ জীৱনে সফলতাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এই সেৱাৰে নিবনুৱাৰ মুখতো হাঁহি বিৰিঙাই বহুতকে সংস্থাপিত কৰিব পাৰিছে।

89

আনফালে বিগত বৰ্ষ সমুহত ৫০০০ ৰোধিক লোকে পঞ্জীয়ন কৰি সংগীনীৰ প্ৰতি দেখুওৱা ব্যাপক সঁহাৰিৰ পৰিপ্ৰেক্ষিতত সুনীতা শৰ্মাই নতুন উদ্যম আৰু নব্য সংকল্পৰে অসমৰ পৰিধি চিঙি ভাৰতব্যাপি আৰম্ভ কৰিব “জোড়ী পাৰফেক্ট ” নামেৰে এক নতুন মেট্ৰিমনিয়েল সেৱা। য’ত নব্য ধাৰাৰ সংযোজন কৰি অধিক সেৱাৰ পয়োভৰেৰে কাম কৰাৰ পণ লৈছে বুলি জনাই প্ৰতিষ্ঠাপক সুনীতা শৰ্মাই।

55

সুনীতা শৰ্মা

প্ৰতিষ্ঠাপক সুনীতা শৰ্মাই জনোৱা মতে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

তেওঁ উল্লেখ কৰা মতে ইয়াৰ ফলত অলেখ লোকে সমাজত সুখী হৈ মনে বিচৰা জীৱনসংগীৰে জীৱন মহিয়ান কৰি তুলিবলৈ সক্ষম হ’ৱ লগতে ইয়াত বহু নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি হ’ব।

সৰু বৰ সকলো কামেই নিষ্ঠা আৰু সুপৰিকল্পনাৰে কৰিলে সফলতা নিশ্চিতভাৱে আহে বুলি সুনীতা শৰ্মা বিশ্বাসী।

সমাজত বহু আদৰ্শ নাৰীৰ ভীৰৰ মাজত নিজৰ চিন্তা, কৰ্মৰে সপোন বাস্তৱ কৰা সুনীতা শৰ্মাও এক সম্ভাৱনাপূৰ্ণ শক্তিশালী মনৰ উল্লেখনীয় নাৰী। যাক দেখি বহুতো নাৰী উৎসাহিত হৈ অনুপ্ৰাণিত হ’ৱ জীৱন সংগ্ৰামৰ বাটত নিজক প্ৰতিষ্ঠা কৰাত।

তেওঁৰ সপোনৰ জয়যাত্ৰাই সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ কামনাৰে।

Leave a Comment