এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা, ভৰা নৈত জাঁপ দি জীৱন্তে উদ্ধাৰ কৰিলে এগৰাকী লোকক…

খাকী পোছাকৰ আঁৰত লুকাই থকা এগৰাকী মানৱদৰদী আৰক্ষী বিষয়া।
যাৰ মহানুভৱতা আৰু সাহসীকতাৰ বাবে নতুন জীৱন পালে এগৰাকী লোকে।
ভৰা নৈত জাঁপ দি জীৱন্তে উদ্ধাৰ কৰিলে এগৰাকী আত্মহত্যা কৰিবলৈ লোৱা ব্যক্তিক।
এই দুঃসাহসিক কাৰ্য সম্পাদন কৰি প্ৰশংসিত হৈছে কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) সমজিৎ বসুমতাৰী।
আত্মহত্যা কৰিব বিচৰা লোক এজনক অতি কৌশলেৰে উদ্ধাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, পাথাৰকান্দিৰ তিনখাল সেতুৰ ওপৰৰ পৰা এজন লোকে লংগাই নদীত জাঁপ দিয়ে। এই দৃশ্য প্রত্যক্ষ কৰি স্থানীয় ৰাইজে অ’চি বসুমতাৰীক তাৎক্ষণিকভাৱে খবৰ দিয়ে।
আৰক্ষী বিষয়াগৰাকীয়ে লগে লগে নৈত জঁপিয়াই অতি কৌশলেৰে লোকজনক উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত নদীৰ পাৰলৈ আনে।
সম্প্রতি লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষী বিষয়াগৰাকীৰ এনে সাহসিক কার্যক এতিয়া অঞ্চলটোৰ সকলোৱে প্ৰশংসা কৰিছে।