fbpx
অসমীয়াৰাষ্ট্ৰীয়

এখন বিশেষ বিবাহ! নিষ্ঠুৰ জীৱনৰ প্ৰত্যাহ্বান নেওচি অৱশেষত সপোনৰ ঘৰখন সজাবলৈ সক্ষম হ’ল HIV আক্ৰান্ত সুনীতা-সৌমিত্ৰই…

নিউজ ডেস্কঃ ৰুগ্ন শৰীৰ, কিন্তু মন নহয়।

সেই শক্তিশালী মনেই আজি এক হোৱাৰ সপোন বাস্তৱায়িত কৰি তুলিলে এহাল যুৱক-যুৱতীৰ।

দুয়োজনেই মাৰাত্মক এইছ আই ভি ৰোগত আক্ৰান্ত।

এই ৰোগৰ বাবে প্ৰতিমাহে গ্ৰহণ কৰিবলগীয়া চিকিৎসাৰ সময়তে প্ৰথম চিনাকি হৈছিল যুৱক-যুৱতীহালৰ।

লাহে লাহে সেই পৰিচয়ে ৰূপ লৈছিল ভালপোৱাৰ। তাৰ পিছতে দুয়োজনে গ্ৰহণ কৰে যুগ্ম জীৱনৰ পাতনি মেলাৰ সিদ্ধান্ত।

তাৰ পিছতে বৈদিক ৰীতি-নীতি, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলিলে সম্পন্ন হয় এইছআইভি পজিটিভ যুৱক-যুৱতীহালৰ বিবাহ।

তেওঁলোকৰ নাম সুনীতা যাদৱ আৰু সৌমিত্ৰ গায়ন।

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণাৰ সোণাৰপুৰৰ এটা বাসগৃহত শেহতীয়াকৈ মহিলা পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত সম্পন্ন হৈ যায় দুয়োৰে বিবাহ।

জানিব পৰা মতে, সুনীতাৰ পিতৃ-মাতৃ এইছআইভি পজিটিভ আছিল। তেওঁৰ ৩ বছৰ বয়সতে মৃত্যু ঘটিছিল পিতৃ-মাতৃৰ।

তেতিয়াৰ পৰাই সোণাৰপুৰৰ গোবিন্দপুৰৰ এটা আশ্ৰয় গৃহত ডাঙৰ-দীঘল হয় সুনীতা।

আনহাতে ডিপথেৰিয়াৰ বেজী লোৱাৰ সময়তে সৰুতেই এইছ আই ভিত আক্ৰান্ত হৈছিল সৌমিত্ৰ।

দুয়োগৰাকীয়েই এতিয়া প্ৰতি মাহে গ্ৰহণ কৰিব লাগে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী।

সেই সময়তে প্ৰথম তেওঁলোকৰ পৰিচয় ঘটে আৰু শেষত দুয়োজনে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৰ্তমান এইছ আই ভি আক্ৰান্তৰ দ্বাৰা পৰিচালিত কেফেত কৰ্মৰত হৈ আছে সুনীতা।

সৌমিত্ৰইও ভৱিষ্যতে এইচ আই ভি সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো কাম কৰিব বিচাৰে।

সুনীতা-সৌমিত্ৰৰ বিবাহে সমাজৰ মাজত এক আদৰ্শ দাঙি ধৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!