এখন বাইকত ৪ জন উঠি বনভোজলৈ যোৱাৰ ভংয়কৰ পৰিণাম! দুৰ্ঘটনাত পতিত হৈ মৃত্যু দুজনৰ…

নিউজ ডেস্কঃ এখন বাইকত চাৰিজন আৰোহীয়ে যাত্ৰা কৰি ভুগিবলগীয়া হ’ল ভয়ংকৰ পৰিণাম।

দেওবাৰে ঝাৰখণ্ডৰ কোডেৰমা জিলাৰ অন্তৰ্গত মাৰ্কাছো-বাৰিয়াৰ্দিহ ঘাইপথৰ পিপ্ৰাডিহৰ সমীপত এখন মিনি ট্ৰাকৰে সংঘৰ্ষত প্ৰাণ হেৰুৱায় ২জন কিশোৰে।

এই দুৰ্ঘটনাত আন দুজন কিশোৰো গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দেওবাৰে ৪ জন হাইস্কুলৰ ছাত্ৰই একেখন বাইকত যাত্ৰা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা ডব্লিউবি ১৯এল ২৪৬৯ নম্বৰৰ এখন মিনি ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটোত বাইক আৰোহী দুজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত আন দুজনক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।

নিহত ছাত্ৰ দুজনক বিচাৰিয়াৰ অংশু কুমাৰ (১৯) আৰু শশীকান্ত কুমাৰ (১৪) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাত আহত হৈছে নীৰজ কুমাৰ (১৪) আৰু নৰেশ যাদৱ (১৩) নামৰ আন দুজন ছাত্ৰও।

জানিব পৰা মতে, মৃত অংশু কুমাৰ নৱাডিহৰ ভাৰতী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত হোৱাৰ বিপৰীতে শশীকান্ত দেৱীপুৰৰ মডেল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল।

কিশোৰ চাৰিজনে একেখন বাইকত উঠি বনভোজলৈ গৈছিল। তেওঁলোকে পিপৰাডিহৰ সমীপত এটা টাৰ্ণিং লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা মিনি ট্ৰাকখনত খুন্দা মাৰি পথৰ ওপৰত চিটিকি পৰে।

ইফালে দুৰ্ঘটনাৰ পিছত মিনি ট্ৰাক চালকজনে পলায়নৰ চেষ্টা চলায় যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰি পিছত আৰক্ষীক চমজাই দিয়ে।

দুৰ্ঘটনাটোক লৈ অঞ্চলটোত কিছু সময়ৰ বাবে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।