Fri. Jan 15th, 2021

নিউজ ডেস্ক। দক্ষিণৰ ছবিত পিতৃয়ে পুত্ৰ বা জীয়ৰীক পদ মৰ্য্যদা অনুসৰি চেল্যুট দিয়া বহু দেখিছে। কিন্তু বাস্তৱ জীৱনতো সেইয়া দেখিবলৈ পোৱা গৈছে।

দেওবাৰে অন্ধ্ৰপ্ৰদেশত দেখিবলৈ পোৱা গৈছে তেনে এক আৱেগিক দৃশ্য। সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য।

অন্ধ্ৰপ্ৰদেশৰ টিৰুপতিত আৰক্ষী পিতৃ-কন্যা তেনে মুহূৰ্তৰ মুখামুখি হয়।

ডিএছপি হিচাপে কৰ্মৰত নিজ কন্যাক চৰকাৰী কাৰ্যসূচীত সন্মুখত পাই চেল্যুট দিলে আৰক্ষী চক্ৰ বিষয়া হিচাপে কৰ্মৰত পিতৃয়ে।

টুইটাৰত আন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰেঃ ই এক নিশ্চয়কৈ গৌৰৱৰ মূহূৰ্ত যে চক্ৰ পৰিদৰ্শক ওৱাই শ্যাম সুন্দৰে যেতিয়া গুণ্টোৰৰ নৱ নিযুক্ত ডিএছপি জীয়ৰী য়েণ্ডলোৰো জেচি প্ৰশান্তিক ৰাজ্যিক আৰক্ষীৰ এক অনুষ্ঠানৰ কৰ্তব্যস্থলীত চেল্যুট দিয়ে।

এই পৰিঘটনাৰ সন্মুখীন হৈ কন্যা প্ৰশান্তিয়ে কয় যে এইয়া দুয়োজনৰ প্ৰথম দেখাদেখি। তেওঁক যেতিয়া পিতৃয়ে চেল্যুট দিয়ে তেতিয়া তেওঁ নিজকে সহজভাৱে ল’ব পৰা নাছিল, যিমান হলেও সেইয়া তেওঁৰ নিজৰ পিতৃ।

লগতে তেওঁ কয়, ‘মই তেওঁক মোক চেল্যুট দিবলৈ মানা কৰিছিলো। কিন্তু তেওঁ সেইটো কৰিলে। সেয়েহে মইও তেওঁক ওলোটাই চেল্যুট কৰি তাৰ প্রতিদান দিলো। তেওঁ মোৰ বাবে সাহস আৰু অনুপ্ৰেৰণা। সৰুৰে পৰাই তেওঁৰ সেৱা দেখি মই এই বিভাগত যোগদান কৰিবলৈ আগ্ৰহী হলো।’