একেলগে জন্ম-একেলগে মৃত্যু! ক’ভিড-১৯ৰ পৰা সুস্থ হৈও মৃত্যু দুই যমজ অভিযন্তা ভাতৃৰ

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে যমজ সন্তানৰ সকলো কাম প্ৰায় একেলগেই হয়। কিন্তু মৃত্যুও যে একেলগে হয় তেনে কোনো নিশ্চয়তা নাই।

কিন্তু এইবাৰ সেইয়ায়ো হ’ল একেলগে। জন্ম একেলগে হোৱাৰ দৰে মৃত্যুও লগতে হ’ল দুই যমজ ভাতৃৰ। ঘটনাটো উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ।

সমগ্ৰ দেশৰ লগতে উত্তৰ প্ৰদেশতো ভয়ানক ৰূপ লৈছে কোৰোনা মহামাৰীয়ে। আক্ৰান্তৰ লগতে মৃত্যুও হৈছে বহুতৰ। উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ দুই যমজ ভাতৃয়ো একেলগে আক্ৰান্ত হ’ল কোৰোনাত।

দুয়ো দুটা বহুজাতিক কোম্পানীৰ অভিযন্তা। কোৰোনাৰ বাবে দুয়োৰে কাম চলিছিল ঘৰৰ পৰাই। অৰ্থাৎ ‘ৱৰ্ক ফ্ৰম হ’ম’। কিন্তু ঘৰত থকা অৱস্থাতে দুয়োৰে দেহত ধৰা পৰে ক’ভিড পজিতিভ।

প্ৰথমতে জ্যেষ্ঠ ভাতৃ জায়ফ্ৰেড বৰ্গিছ গ্ৰেগৰীৰ দেহত ধৰা পৰে কভিড আৰু তাৰ পিছতেই কনিষ্ঠ ভাতৃ ৰালফ্ৰেড বৰ্গিছ গ্ৰেগৰীৰ দেহত ধৰা পৰে কভিড।

দুয়োৱে আছিল হ’ম কোৱাৰেণ্টাইনত। কিন্তু স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল আনন্দ চিকিৎসালয়ত। ২০ দিন ধৰি তেওঁলোকক কৰা হৈছিল চিকিৎসা। দুয়োৰে দেহত অক্সিজেন হ্ৰাস পোৱাত যোগান ধৰা হৈছিল অক্সিজেন।

আনকি প্লাজমাও যোগান ধৰা হৈছিল দুয়োকে। সেই অনুসৰি যোৱা ১০ মে’ত দুয়োৱে কভিড নিগেটিভ হয়। কভিড নিগেটিভ হলেও কিন্তু দুয়োৰে স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ পৰে। কভিডোত্তৰ কালছোৱাত তেওঁলোকৰ স্বাস্থ্য অধিক অৱনতি ঘটে।

সেয়েহে চিকিৎসকে দুয়োকে আহিবলৈ দিয়া নাছিল চিকিৎসালয়ৰ পৰা। কিন্তু বহু চেষ্টা কৰিও ৰক্ষা কৰিব পৰা নগ’ল এজনকো। ২২ ঘণ্টাৰ ভিতৰত প্ৰাণ হেৰুৱালে দুয়োজনেই। অৰ্থাৎ শুকুৰবাৰৰ দুপৰীয়া ১২:৩০ বজাত প্ৰাণ হেৰুৱাই জ্যেষ্ঠ ভাতৃ জায়ফ্ৰেডে আৰু শনিবাৰৰ পুৱা ১০:৩০ বজাত প্ৰাণ হেৰুৱাই কণিষ্ঠ ভাতৃ ৰালফ্রেডে।

পিতৃ গ্ৰেগৰী ৰাফেলে জনোৱা অনুসৰি, দুয়োৰে জন্ম হৈছিল মাত্ৰ তিনি মিনিটৰ ব্যৱধানত। তেতিয়াৰ পৰাই দুয়োৰে সকলো কাম লগতেই হয়। খোৱা-বোৱা, পঢ়া-শুনা, অসুখ, দুৰ্ঘটনা সকলো লগতে হয়। আনকি দুয়োৱে অভিযন্তা উত্তীৰ্ণ হৈ চাকৰিয়ো লাভ কৰিছিল একেলগে।

যোৱা বৰ্ষত দুয়োৱে চাকৰি লাভ কৰিছিল। এজন হ্যুণ্ডাইৰ অভিযন্তা আৰু আনজন এছেছৰৰ অভিযন্তা। সেয়েহে জ্যেষ্ঠ পুত্ৰ জায়ফ্ৰেডৰ মৃত্যু হওঁতেই পিতৃয়ে ভাবিছিল যে কনিষ্ঠ পুত্ৰ ৰালফ্ৰেডো জীয়াই নাথাকিব আৰু অৱশেষত পিতৃৰ ভাবনাই শুদ্ধ হ’ল।

গাৱঁৰ লোকে যমজ ভাতৃদ্বয়ৰ জ্যেষ্ঠজনক সৎকাৰ কৰি আহি পিছদিনা আকৌ কনিষ্ঠ ভাতৃৰ মৃত্যুৰ খবৰ লাভ কৰে।

লগতে চাওকঃ

অক্সিজেন! ২੦ বছৰ ধৰি নিয়মীয়াকৈ আঁহত গছৰ ওপৰত চকীত বহে এজন লােক

তিনিচুকীয়াঃ ক’ভিড-১৯ক পৰাস্ত কৰি ঘৰলৈ উভতিল ৯১ বছৰীয়া আইতা