fbpx
অসম

একেদিনাই গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা! জাতীয় পতাকাৰ ৰঙেৰে সজোৱা হ’ল বাগদেৱীক…

এইবাৰ একেটা দিনতে ৰাজ্যবাসীয়ে উদযাপন কৰে গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা।

সেয়েহে শিক্ষানুষ্ঠান সমূহত পুৱাই জাতীয় পতাকা উত্তোলন কৰাৰ লগতে উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা।

তাৰ মাজতে গুৱাহাটীৰ কাহিলীপাৰাৰ জটিয়াৰ সঞ্জিৱনী কলা নিকেতনৰ পূজা ভাগ কিছু যেন ব্যতিক্ৰম। জাতীয় পতাকাৰ ৰঙেৰে সজোৱা হ’ল বাগদেৱীক

পূজাখনত প্ৰতিষ্ঠানটোৰ মুৰব্বী বিশিষ্ট শিল্পী পবিত্ৰ ৰাভাই ভাৰতৰ জাতীয় পতাকাৰ ৰঙৰ দৰেই সৰস্বতী মাৰ মৃণ্ময় মূৰ্তি সজাই তোলা পৰিলক্ষিত হয়।

কাহিলীপাৰাৰ ওদালবাক্ৰাৰ ৰাভা সন্মিলনত ব্যস্ত থকা শিল্পী পবিত্ৰ ৰাভাই মাত্ৰ জাতীয় পতাকাৰ ৰঙেৰে সৰস্বতী মাৰ মৃণ্ময় মুৰ্তি সাজি উলিয়াই।

Related Articles

Back to top button