fbpx
ৰাষ্ট্ৰীয়অসমীয়া

একালৰ শিক্ষক, বৰ্তমানৰ জমেট’ বয়! চাইকেল চলাই খাদ্য যােগান ধৰা দুৰ্গাশংকৰক বাইক উপহাৰ ১৮ বছৰীয়া গ্ৰাহকৰ

নিউজ ডেস্ক। দুৰ্গাশংকৰ মীনা। ৰাজস্থানৰ ভীলৱাড়াৰ এজন সাধাৰণ জমেট’ ডেলিভাৰী বয় দুৰ্গাশংকৰ।

এখন চাইকেলত উঠিয়েই খাদ্য ডেলিভাৰ কৰা দুৰ্গাশংকৰ মীনাৰ ভাগ্য সলনি কৰি পেলালে এজন ১৮ বছৰীয়া কাষ্টমাৰে।

উচ্চ শিক্ষিত হৈও দৰিদ্ৰতাৰ কবলত পৰি জমেট’ৰ ডেলিভাৰী বয় হিচাপে কাম কৰি থকা দুৰ্গাশংকৰ মীনাক পৰিশ্ৰম আৰু নিষ্ঠাৰ যেন ভগৱানে প্ৰদান কৰিলে পুৰস্কাৰ।

p5 4

দৰাচলতে যোৱা ১১ এপ্ৰিলত ৰ’দৰ উত্তাপে দহিছিল সমগ্ৰ ৰাজস্থান। ৪০ ডিগ্ৰী তাপমাত্ৰাৰ পৰিৱেশত সেই দিনটোত বাহিৰলৈ ওলাই অহাটোও এক প্ৰত্যাহ্বান আছিল নিৱাসী সকলৰ বাবে।

সেই দিনাই ভীলৱাড়াৰ আজাদ নগৰৰ বাসিন্দা আদিত্য শৰ্মা নামৰ এজন ১৮ বছৰীয়া গ্ৰাহকে জমেট’ যোগে অৰ্ডাৰ দিয়ে এটা কোল ড্ৰিংকছৰ।

p8

আদিত্যই ভাৱিছিল যে তেওঁৰ অৰ্ডাৰ কোনো ডেলিভাৰী বয়য়ে বাইকত আহি ডেলিভাৰ কৰিব। কিন্তু সেয়া আছিল তেওঁৰ ভুল। বাইকৰ পৰিৱৰ্তে দুৰ্গাশংকৰ মীনাই চাইকেল চলাই নিৰ্দিষ্ট সময়তে ডেলিভাৰ কৰে কোল ড্ৰিংকছ।

উৎকট গৰমতো চাইকেল চলাই গ্ৰাহকক খাদ্য সামগ্ৰী ডেলিভাৰ কৰা দুৰ্গাশংকৰ মীনাক দেখি আবেগত উঠলি উঠে গ্ৰাহক আদিত্য শৰ্মা।

p7 2

তেওঁ ফুড ডেলিভাৰী বয় দুৰ্গাশংকৰ মীনাক কোনো প্ৰকাৰে সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই অনুসৰি আদিত্যই নিজে ৭৫ হাজাৰ টকা আগবঢ়োৱাৰ লগতে টুইটযোগে আনৰ পৰাও সহায়ৰ আহ্বান জনায়।

আদিত্যৰ এই আহ্বানৰ পিছতে বিভিন্ন জনে সহায়ৰ হাত আগবঢ়ায় আৰু কিছু সময়ৰ ভিতৰতে আদিত্য শৰ্মাৰ বেংক একাউণ্টত ডেৰ লাখতকৈও অধিক টকা জমা হয়।

ইয়াৰ পিছতে দুৰ্গাশংকৰ মীনাক তেওঁক কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে প্ৰায় ৯০ হাজাৰ টকাৰ এখন দুচকীয়া বাহন উপহাৰ দিয়া হয় আৰু বাকী টকাখিনি দুৰ্গাশংকৰক উচ্চ শিক্ষা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰদান কৰে আদিত্য শৰ্মাই।

উল্লেখ্য যে, ফুড ডেলিভাৰী বয় দুৰ্গাশংকৰ মীনাৰো আছে এক অন্য ইতিহাস।

১২ বছৰ ধৰি ৰাজস্থানৰ এখন বিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল দুৰ্গাশংকৰ মীনা। কিন্তু বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ সময়ত আন বহুতৰে দৰে চাকৰি হেৰুৱায় দুৰ্গাশংকৰেও।

তাৰ পিছত ইটো সিটো কাম কৰি কিছুদিন চলাৰ পিছত ৪ মাহ পূৰ্বে পেটৰ তাড়নাত জমেট’ত ফুড ডেলিভাৰী বয় হিচাপে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে।

ফুড ডেলিভাৰীৰ কাম কৰি তেওঁ মাহে ১০ হাজাৰ টকা উপাৰ্জন কৰাৰ লগতে বৰ্তমান তেওঁ অনলাইন কোচিঙো দি আহিছে। সমান্তৰালভাৱে স্নাতকোত্তৰ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে দুৰ্গাশংকৰে।

এজন গ্ৰাহকৰ পৰা লাভ কৰা সহযোগিতাত যথেষ্ট আনন্দিত হৈ পৰে দুৰ্গাশংকৰ মীনা।

আনহাতে দুৰ্গাশংকৰৰ অধ্যাৱসায় আৰু নিষ্ঠাৰ লগতে আদিত্য শৰ্মাৰ মহানুভৱতায়ো এতিয়া সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছে।

লগতে চাওকঃ

দৰাৰ শিৰত সেন্দুৰ দিলে কইনাই, ‘কন্যাদান’ৰ দৰে সম্পন্ন হ’ল ‘বৰ দান’ প্ৰথাও!

p01 1

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!