fbpx
ৰাষ্ট্ৰীয়

একশ্যন মুডত মোডী চৰকাৰ! দেশত নিষিদ্ধ কৰিলে চীনসহ বহিঃৰাষ্ট্ৰৰ ২৩৪টা মোবাইল এপ…

নিউজ ডেস্কঃ দেশত পুনৰ নিষিদ্ধ কৰা হ’ল চীনকে ধৰি বহিঃৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত ২৩২টা মোবাইল এপ।

গেম্বলিং, জুৱা আৰু অকৰ্তৃত্বশীলভাৱে ঋণ প্ৰদান কৰা ২৩২টা এপ ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰিছে ভাৰত চৰকাৰে।

জানিব পৰা মতে, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ইলেক্ট্ৰনিকছ আৰু আইটি মন্ত্ৰণালয়ে এই এপসমূহ ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

নিষিদ্ধ কৰা এপসমূহ চীনৰ লগতে অন্য ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত আছিল বুলি দাবী কৰা হৈছে।

বাতৰি অনুসৰি, দেশত বন্ধ কৰা হৈছে অকৰ্তৃত্বশীল ঋণ সেৱাত নিয়োজিত ৯৪টা এপও।

দেশৰ অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি প্ৰতিৰোধৰ বাবেই এপসমূহ ভাৰতত নিষদ্ধ কৰা হৈছে বুলি এক চৰকাৰী বিবৃতিযোগে প্ৰকাশ কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!