একতাৰ নিদৰ্শন! ২২ বছৰে জমা কৰা ধনেৰে নিজাববীয়াকৈ শিৱ লিংগ আৰু কালী মন্দিৰ নিৰ্মাণ কৰি উলিয়ালে এখন বাগিছাৰ চাহ শ্ৰমিকে…

নিউজ ডেস্কঃ ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্ত বাক্যশাৰীয়েই যেন সঁচা অৰ্থত প্ৰমাণ কৰি দেখুৱালে এখন চাহ বাগিছাৰ সাধাৰণ চাহ শ্ৰমিকে।

সুদীৰ্ঘ ২২ বছৰে শ্ৰমিকৰ মজুৰিৰ পৰা ২০ টকাকৈ কৰ্তন কৰি জমা হোৱা ধনেৰে চাহ শ্ৰমিকসকলে নিৰ্মাণ কৰিলে এটা আটক ধুনীয়া শিৱ মন্দিৰ আৰু এটা কালী মন্দিৰ।

photo1666519471
একতাৰ নিদৰ্শন! ২২ বছৰে জমা কৰা ধনেৰে নিজাববীয়াকৈ শিৱ লিংগ আৰু কালী মন্দিৰ নিৰ্মাণ কৰি উলিয়ালে এখন বাগিছাৰ চাহ শ্ৰমিকে… 3

খুমটাইৰ গৰঙা চাহ বাগিছাৰ চাহ শ্ৰমিকসকলৰ এই প্ৰচেষ্টাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

নিজৰ মজুৰিৰ পৰা কৰ্তন কৰা ধনেৰে নিৰ্মাণ কৰে এই শিৱ লিংগটো অসমৰ দ্বিতীয়টো বহৎ লৃংগাকাৰ মন্দিৰ হিচাপেও পৰিগণিত হৈছে।

সোমবাৰে দেশজুৰি শাক্ত ধৰ্মাৱলম্বীয়ে পালন কৰিবলগীয়া কালী পূজাৰ দিনাই চাহ শ্ৰমিকসকলে বাগিছাৰ ভিতৰত নিৰ্মাণ কৰা শিৱ মন্দিৰ আৰু কালী মন্দিৰটো উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছে।

photo1666519476
একতাৰ নিদৰ্শন! ২২ বছৰে জমা কৰা ধনেৰে নিজাববীয়াকৈ শিৱ লিংগ আৰু কালী মন্দিৰ নিৰ্মাণ কৰি উলিয়ালে এখন বাগিছাৰ চাহ শ্ৰমিকে… 4

গৰঙা চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে ২০০০ চনৰ পৰাই মজুৰিৰ পৰা ২০ টকাকৈ কৰ্তন কৰি সেই ধন জমা কৰি আহিছিল।

তেনেদৰে জমা কৰা প্ৰায় ৩৫ লাখ টকাৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ২৫ ফুট উচ্চতাৰ শিৱ লিংগটোৰ লগতে কালী মন্দিৰটো।

চাহ বাগিছাৰ ভিতৰত আধ্যাত্মিকতাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নিৰ্মাণ কৰা শিৱ লিংগ আৰু কালী মন্দিৰটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।