fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

এই হাতখন কেনেকৈ এৰিম? মৃত কন্যাৰ হাতখন সাৱটি ঘণ্টাৰ পিছত ঘণ্টাধৰি বহি থাকিল এগৰাকী দুৰ্ভগীয়া পিতৃ…

নিউজ ডেস্কঃ চৌদিশে কেৱল খহি পৰা ওখ ওখ দালানৰ ভগ্নাৱশেষ। মাজে মাজে তেজৰ চেকুৰা।

ৰক্তাক্ত নিয়তিয়ে নিমিষতে মষিমূৰ কৰা এখন দেশৰ এখন চহৰৰ এই কৰুণ গাঁথাই আজি বুকুৱে বুকুৱে যেন ৰাউচি জুৰিছে।

সেই সময়তে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এখন ফটো। য’ত ধ্বংসস্তূপৰ মাজত নিথৰ দেহ হৈ পৰি ৰোৱা কন্যাৰ হিম চেঁচা হাতখন সাৱটি বহি ৰৈছে এজন দুৰ্ভগীয়া পিতৃ।

দৃশ্য সেয়া তুৰস্কৰ কহৰামানমাৰাছৰ। চকুত অজস্ৰ বিষাদ সানি বহি ৰোৱা মানুজনৰ নাম মেছুট হান্সাৰ। এখন হাতত তেওঁৰ কন্যাৰ হাতৰ পাঁজিসেৰীয়া আঙুলি!

এটা দিন আগলৈকে সেইখন তেওঁৰেই ঘৰ আছিল। সেই ঘৰৰ চালিৰ তলতেই হাঁহি-মাতি জীৱন কটাইছিল তেওঁলোকৰ পৰিয়ালে।

যিখন ঘৰৰ চালিয়ে আজি কন্যাৰ বুকুত হেঁচামাৰি ধৰিছে, সেই চালিখনলৈকে চাই চাই হয়তো আগদিনালৈকে পৰীৰ দেশৰ সাধু শুনিছিল মেছটুৰ ১৫ বছৰীয়া কন্যাই।

কিন্তু সকলো শেষ হ’বলৈ সময় লাগে কিমান? নালাগিল সময়। নিমিষতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিল আন বহুতৰে দৰে মেছটু হান্সাৰৰ সপোনৰ ঘৰখনো।

ধ্বংসস্তূপৰ মাজত কইনাৰ নিথৰ দেহ এৰি সকলো গুচি গ’ল এটা সময়ত। কিন্তু মেছটু থাকি গ’ল অকলশৰীয়া জীয়াৰীৰ কাষত সংগী হ’বলৈ।

এই হাতখন কেতিয়াও এৰি নিদিয়াৰ তেওঁ কথা দিছিল এদিন। সেই আঙুলিবোৰত ধৰি এদিন তেওঁৰ কন্যাই খোজ কাঢ়িবলৈ শিকিছিল।

সেইখন যেন কেৱল হাতেই নাছিল, আছিল বিশ্বাস, অলেখ ভালপোৱাৰ স্তম্ভ।

তেনে এখন হাত আজি এৰি থৈ যায় বা কেনেকৈ! সেয়ে তেওঁ থাকি গ’ল… ঘণ্টাৰ পিছত ঘণ্টাধৰি হাতখন সাৱটি তেওঁ প্ৰচণ্ড শীতকো প্ৰত্যাহ্বান জনাই তেওঁ বহি ৰ’ল হাতখনৰ কাষত… তেওঁৰ মৃত কন্যাৰ কাষত… সপোনৰ ঘৰখনৰ ধ্বংসস্তূপৰ কাষত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!