
নিউজ ডেস্কঃ ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমানো অনিয়ন্ত্ৰিত হৈ আছে বান পৰিস্থিতি। বানত প্লাৱিত হৈ আছে বিস্তৃৰ্ণ এলেকা।
অসমৰ ভয়াবহ বান পৰিস্থিতিৰ বাবেই এইবাৰ ১ জুলাইৰ পৰিৱৰ্তে আগতীয়াকৈ ২৫ জুনৰ পৰা বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধ প্ৰদানৰ ঘোষণা কৰিছে শিক্ষা বিভাগে।

বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে গৰমৰ বন্ধক লৈ কৰা ঘোষণাৰ পিছতে ৯ খন জিলাত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। এই কথা প্ৰকাশ কৰিছে সৰ্বশিক্ষা অভিযানে।
উল্লেখ্য যে, অহা ২৭ জুনৰ পৰা ৩০ জুনলৈ কাছাৰ, ডিমাহাছাও, হাইলাকান্দি, হোজাই, দক্ষিণ শালমৰা-মানকাচৰ, বৰপেটা, কামৰূপ, মৰিগাঁও আৰু লখিমপুৰ জিলাত অনুষ্ঠিত হোৱাৰ কথা আছিল গুণোৎসৱ।
কিন্তু বিদ্যালয়সমূহৰ গৰমৰ বন্ধ এইবাৰ আগতীয়াকৈ প্ৰদান কৰা হোৱাত জিলা কেইখনৰ অন্তৰ্গত বিদ্যালয়ৰ গুণোৎসৱ বাতিল কৰা হৈছে।