এইমছলৈ স্থানান্তৰ কৰিব পৰা নাযাব ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাক, ডিব্ৰুগড়তে হ’ব অস্ত্ৰোপচাৰ

নতুন দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰিব পৰা নাযাব ৰেগিঙৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাক।

ডিব্ৰুগড়তে হ’ব আনন্দ শৰ্মাৰ আস্ত্ৰোপচাৰ।

চিকিৎসকৰ মতে, লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে আনন্দ শৰ্মাৰ।

কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়তে হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

উল্লেখ্য যে, ৰাজহাড় দুটা স্থানত ভাগিছে আনন্দ শৰ্মাৰ।

ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি-বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। যাৰ ফলত শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।

উল্লেখ্য যে, ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।