এইবাৰ Work From Home ৰ নামত নিবনুৱাক ৰামঠগন, গ্ৰেপ্তাৰ মহিলাসহ ৪ প্ৰৱঞ্চক

নিউজ ডেস্ক। ৱৰ্ক ফ্ৰ’ম হােম! ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এতিয়া সকলােৰে মাজত পৰিচিত এই ৩ টা ইংৰাজী শব্দ, যাৰ অৰ্থ ঘৰৰ পৰাই কৰ্ম বা কাম।

অফিচলৈ নােযােৱাকৈ ঘৰৰ পৰা কাম কৰিয়েই উপাৰ্জনৰ ব্যৱস্থাই হৈছে ৱৰ্ক ফ্ৰ’ম হােম।

কিন্তু এই ৱৰ্ক ফ্ৰম হােমৰ নামতাে এইবাৰ অনলাইনত জাল পাতিছে প্ৰৱঞ্চকে।

বিজ্ঞাপনৰ জৰিয়তে ৱৰ্ক ফ্ৰ’ম হােমৰ টৌপ দি নিবনুৱা যুৱক-যুৱতীক কৰিছে প্ৰৱঞ্চনা। দাবী-ধমকি দি সৰকাইছে বুজন পৰিমাণৰ ধন।

জানিব পৰা মতে, উচ্চ মাননি বা দৰমহা আদায়ৰ প্ৰস্তুতিৰে একাংশ ৱৰ্ক ফ্ৰ’ম হােমৰ কাম দিয়া প’ৰ্টেল বা চাইটে তাত পঞ্জীয়ন কৰা নিবনুৱা যুৱক-যুৱতীক নিৰ্ধাৰিত সময়ৰ ভিতৰত অসম্ভৱপৰ কাম সম্পাদনৰ দায়িত্ব অৰ্পণ কৰে।

তাৰ পাছতে নিৰ্ধাৰিত সময়ত সেই কাম অসম্পূৰ্ণ হােৱাৰ অজুহাতত জৰিমনা আদায়ৰ দাবী কৰে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়ে এই চক্ৰটােৱে।

লগে লগে কৰে ব্লেকমেইলিং আৰু দাবী কৰে ধন।

শেহতীয়াৈক দিল্লী আৰক্ষীৰ চাইবাৰ ক্ৰাইম গোটৰ অভিযানত উৎখাত হৈছে এনে এটা অপৰাধী চক্ৰ।

এই চক্ৰটােৱে সমগ্ৰ দেশজুৰি একে পদ্ধতিৰে শ শ নিবনুৱাক দিছে ৰামঠগন।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকৰ দলটোত আছে এগৰাকী মহিলাসহ চাৰিজন লোক।

তেওঁলোকৰ পৰা ৪ টা মোবাইল ফোন আৰু বেংক একাউণ্ট পাছবুক জব্দ কৰা হৈছে।

অভিযুক্তসকলক নাম হৈছে আৰ কুমাৰ, এম সিং আৰু টি কুমাৰ।

আৰ কুমাৰ প্ৰৱঞ্চনাৰ মূল নায়ক বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Leave a Comment