এইবাৰ ৰাজনৈতিক বিধান দিবলৈ সাজু পংকজ পাঠক, আপ এৰি যোগ দিলে অগপত

নিউজ ডেস্ক। মাজে মাজে হঠাৎ ভুমুকি মাৰি চৰ্চালৈ আহে পংকজ পাঠক। মানে আচাৰ্য পংকজ পাঠক। কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কাহৰ বিধান দি চৰ্চালৈ অহা পংকজ পাঠক এইবাৰ চৰ্চালৈ আহিল আন এটা কাৰণত।

ৰাজনীতিৰ দল বাগৰা নতুন কথা নহয়। সময়ে সময়ে ব্যক্তিগত স্বাৰ্থই হওক বা দলীয় মত-বিৰোধৰ বাবেই হওক, ৰাজনীতিকে দল সলনি কৰেই। ভাৰতীয় ৰাজনীতিত দল বাগৰাটো ৰাজনীতিৰে এটা অবিচ্ছেদ্য অংগ বুলি কলেও হয়তো ভুল কোৱা নহয়।

photo1654318578
এইবাৰ ৰাজনৈতিক বিধান দিবলৈ সাজু পংকজ পাঠক, আপ এৰি যোগ দিলে অগপত 4

সেইদৰেই এইবাৰ দল সলনি কৰি চৰ্চালৈ আহিছে কবিৰাজ পংকজ পাঠক। তথাকথিত ‘আচাৰ্য’ পাঠকে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল আম আদমী পাৰ্টিৰ জৰিয়তে।

অসমত আপৰ সক্ৰিয় নেতা হিচাপে পৰিচিত পংকজ পাঠকে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগ দিয়ে।

photo1654322669
এইবাৰ ৰাজনৈতিক বিধান দিবলৈ সাজু পংকজ পাঠক, আপ এৰি যোগ দিলে অগপত 5

অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত চৰকাৰৰ মিত্ৰদলটোত যোগদান কৰি ৰাজনীতিৰ নতুন কেৰিয়াৰ আৰম্ভ কৰে পংকজ পাঠকে।

অগপৰ ভেটি আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবেই তেওঁ আপ এৰি অগপত যোগদান কৰা বুলি মন্তব্য কৰে। অৱশ্যে পংকজ পাঠকৰ এই দল সলনিক লৈ ভিন্ন জনে ভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিভিন্ন ৰোগৰ বিধান দি স্বয়ম্ভূ আচাৰ্য উপাধি লাভ কৰা পংকজ পাঠকে এইবাৰ অগপৰ বাবে কি ৰাজনৈতিক বিধান দিয়ে, তাক লৈও চলিছে চৰ্চা।

photo1654318349
এইবাৰ ৰাজনৈতিক বিধান দিবলৈ সাজু পংকজ পাঠক, আপ এৰি যোগ দিলে অগপত 6

উল্লেখ্য যে, শুকুৰবাৰে অগপৰ মুখ্য কাৰ্যালয়ত পংকজ পাঠকৰ উপৰিও কংগ্ৰেছ, এআইইউডিএফ, আপৰ শতাধিক নেতা-কৰ্মীয়ে শাসকীয় মিত্ৰদলটোত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত।

Leave a Comment