নিউজ ডেস্কঃ এইবাৰ বিমান বন্দৰত সোণ সৰবৰাহত খোদ নামিল বিমান বন্দৰৰ কৰ্মচাৰী।
কেৰালাৰ কোচি বিমান বন্দৰত প্ৰায় ডেৰ কেজি সোণ গোপনে সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়াৰ ২ কৰ্মচাৰীসহ ৩ জন।
জানিব পৰা মতে, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এটা দলে সোণৰ সৰবৰাহ সন্দৰ্ভত গোপন খবৰ লাভ কৰাৰ পিছতে কোচি বিমান বন্দৰত উপস্থিত হয়।
ইয়াৰ পিছতে দলটোৱে এণ্ট্ৰি হলৰ সমীপৰ লেভেটৰীত সোণ গ্ৰহণ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে এয়াৰ ইণ্ডিয়া ট্ৰান্সপ’ৰ্ট চাৰ্ভিছ লিমিটেডৰ কৰ্মচাৰী অভিলাষক।

আনহাতে গ্ৰেপ্তাৰ হোৱা আনজন সৰবৰাহকাৰীৰ পৰিচয় মুভাট্টুপুজাৰ নিৱাসী মহম্মদ ফৈজল বুলি জানিব পৰা গৈছে।
ইফালে পৰৱৰ্তী সময়ত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ তদন্তত এই সোনৰ সৰবৰাহত এয়াৰ ইণ্ডিয়াৰ আন এজন কৰ্মচাৰী বিষ্ণু জড়িত থকা বুলি নিশ্চিত কৰি তেওঁকো গ্ৰেপ্তাৰ কৰে।
অভিযানকাৰী দলটোৱে সৰবৰাহকাৰী কেইজনৰ পৰা মুঠ ১.৩৭ কিলোগ্ৰাম সোণ জব্দ কৰিবলৈ সক্ষম হয়।