এইবাৰ শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা, ১৪ ছাত্ৰক কলেজ, হোষ্টেলৰ পৰা বহিষ্কাৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ পিছতে পোহৰলৈ আহিছে এটাৰ পিছত আন এটা ৰেগিঙৰ ক’লা অধ্যায়।

যোৰহাটৰ জে.বি. কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পোহৰলৈ আহিছে শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা।

ইতিমধ্যেই বহিষ্কাৰ কৰা হৈছে শিলচৰ দন্ত মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ১৪ শিক্ষাৰ্থীক।

১ ডিচেম্বৰত এগৰাকী ছাত্ৰক ৰেগিং কৰিছিল বহিষ্কৃত ১৪ ছাত্ৰই।

ইয়াৰ পাছতে অভিযোগ দাখিল কৰিছিল ভুক্তভোগী ছাত্ৰই।

Central Anti Ragging Squadত দাখিল কৰিছিল অভিযোগ।

ঘটনাৰ পাছতে তদন্ত কমিটী গঠন কৰিছিল কাছাৰৰ উপায়ুক্তই।

তদন্তৰ অন্তত ১৪ ছাত্ৰৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে কমিটীয়ে।