এইবাৰ মহিলাৰ খেলা-ধূলাত নিষেধাজ্ঞা জাৰি আফগান চৰকাৰৰ

নিউজ ডেস্ক। বৰ্তমান সমগ্ৰ আফগানিস্তান তালিবানৰ দখলত। আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পিছত গঠন হৈছে নতুন তালিবান চৰকাৰ।

নতুন চৰকাৰে মহিলাৰ ওপৰত ঘোষণা কৰি আহিছে ইটোৰ পিছত সিটো নিষেধাজ্ঞা।

এইবাৰ পুনৰ আন নিষেধাজ্ঞা জাৰি তালিবান চৰকাৰৰ। সেই দেশৰ মহিলাই যিকোনো ধৰণৰ খেলত কৰিব নোৱাৰিব অংশগ্ৰহণ।

আফগানিস্তানত নতুন তালিবান চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। ইছলামিক সংগঠনৰ অফিচিয়েল ৱেবছাইটত এই নিষেধাজ্ঞা জাৰি কৰা হয়।

সংবাদ মাধ্যমৰ এটি সাক্ষাৎকাৰত তালিব সাংস্কৃতিক আয়োগৰ উপ প্ৰধান আহমেদুল্লাহ ৱাছিকে স্পষ্ট কৰি জনায় যে, “দেশৰ মহিলাই খেলা-ধূলা কৰাৰ কোনো প্ৰয়োজন নাই। দেশৰ সংস্কৃতিৰ বাবে ই একেবাৰে উচিত নহয়। ক্ৰিকেট সহ যিকোনো খেলৰ ক্ষেত্ৰত মহিলাৰ শৰীৰ উন্মুক্ত হৈ পৰে। সেয়েহে কোনো খেলতেই আফগান মহিলাই অংশ লোৱাৰ প্ৰয়োজন নাই।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে তালিবান চৰকাৰে বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰাক লৈয়ো জাৰি কৰা হৈছিল কিছু নিষেধাজ্ঞা।

কেৱল মহিলা শিক্ষকেহে পঢ়োৱাব পাৰিব ছাত্ৰীক। যদি সেইয়া সম্ভৱ নহয়, তেন্তে বয়সীয়াল শিক্ষক, যাৰ চৰিত্ৰত কোনো দাগ নাই, তেওঁহে পঢ়োৱাব পাৰিব ছাত্ৰীক।

ইয়াৰোপৰি ছাত্ৰীসকলে পৰিধান কৰিব লাগিব বোৰ্খা আৰু হিজাব। ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠাত বহিব নোৱাৰিব একেলগে। ছাত্ৰ আৰু ছাত্ৰীৰ মাজত থাকিব পৰ্দা। ছাত্ৰীতকৈ ছাত্ৰক ছুটী দিয়া হ’ব কিছু আগত।

Leave a Comment