এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাঃ শিক্ষামন্ত্ৰী…

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।

এই মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে৷

শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷

লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল’বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে৷

উল্লেখ্য যে, শেহতীয়াভাৱে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

কৰ’ণাৰ বৰ্দ্ধিত সংক্ৰমণৰ বাবে এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

Leave a Comment