এইবাৰ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী, বিচাৰিলে এটা প্ৰশ্নৰ উত্তৰ…

নিউজ ডেস্ক। এটা প্ৰশ্নৰ উত্তৰ বিচাৰি দেৰগাঁৱত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশনৰ প্ৰবেশদ্বাৰত বহি পৰিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা এই অধিবেশনত বিজেপি বিধায়কজনক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ। যাৰ বাবে প্ৰৱেশ দ্বাৰতে মাটিত বহি লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কজনে।

মুখ্যমন্ত্ৰীৰ নিৰপত্তাৰক্ষীয়ে স্থানীয় বিধায়ক ভাৱেন ভৰালীকো ভিতৰত প্ৰৱেশ কৰিব নিদিয়া বুলি অভিযোগ কৰে ৰূপজ্যোতি কুর্মীয়ে।

কংগ্ৰেছত থকা কালত শাসকীয় দলৰ বিৰুদ্ধে বিগত সময়ত কৰা প্ৰতিবাদৰ দৰেই এইবাৰ নিজ দলৰ বিৰুদ্ধেই এনেদৰে মাটিত বহি লৈ প্ৰতিবাদ জনায় ৰূপজ্যোতি কুৰ্মীয়ে।

তেওঁ কয়, “মই ২০০৬ৰ পৰা বিধায়ক হৈ আছোঁ। বহুত মুখ্যমন্ত্ৰী দেখিছোঁ। কিন্তু এনে পৰিস্থিতি এইবাৰ প্ৰথম দেখিছোঁ।”

তেওঁক কিয় মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত প্ৰবেশ কৰিব দিয়া নহল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰে মৰিয়নীৰ বিধায়কজনে।

Leave a Comment