এইবাৰ দুৰ্গা পূজাত লাভ কৰিব ১০ দিনকৈ বন্ধ, ৬০ হাজাৰ টকাৰ সাহায্য দিব এইখন চৰকাৰে…

এইবাৰ দুৰ্বা পূজাত ১০ দিনকৈ বন্ধ লাভ কৰিব।
কেৱল সেয়াই নহয়, পূজা কমিটীসমূহে লাভ কৰিব আৰ্থিক সাহায্য।
প্ৰতিখন পূজা কমিটীলৈ ৬০ হাজাৰকৈ টকা আগবঢ়াব পশ্চিমবংগ চৰকাৰে।
ৰাজ্যখনত এইবাৰ পূজাৰ বন্ধ ৩০ ছেপ্তেম্বৰৰ পৰা ১০ অক্টোবৰলৈ ঘোষণা কৰা হৈছে।
দুৰ্গা পূজাৰ বাবে ১০ দিনকৈ বন্ধ লাভ কৰাৰ লগতে প্ৰতিখন পূজা কমিটীলৈ ৬০ হাজাৰকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে পশ্চিমবংগ চৰকাৰে।
পূৰ্বে এই সাহায্যৰ পৰিমাণ আছিল ৫০ হাজাৰ টকা।
পূজা সমিতিৰ দ্বাৰা বহন কৰা বিদ্যুৎমাচুলৰ ৰেহায়ো বৰ্তমানৰ ৫০ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
সোমবাৰে নেতাজী ইণ্ডৰ ষ্টেডিয়ামত দুৰ্গা পূজা আয়োজক সমিতিৰ সদস্যসকলৰ সৈতে হোৱা এক বৈঠকত এই ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে।
লগতে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে সকলো পূজা আয়োজকক তেওঁলোকৰ চহৰ ভ্ৰমণৰ সময়ত বিদেশী পৰ্যটকসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।